Breaking

টেবুল টেনিছ সন্থাৰ সভাপতি পীয়ূষ হাজৰিকা

0 2,085

জলসম্পদ আৰু জনসংযোগ মন্ত্রী পীয়ূষ হাজৰিকা অসম টেবুল টেনিছ সন্থাৰ নতুন সভাপতি নিযুক্ত হৈছে৷ শনিবাৰে অনুষ্ঠিত সন্থাৰ বার্ষিক সাধাৰণ সভাত হাজৰিকাক সভাপতি মনোনীত কৰা হয়৷

উল্লেখ্য যে প্রাক্তন সভাপতি মৃগাংক বর্মনে প্রায় এমাহ পূর্বে পদত্যাগ কৰাৰ পিছৰে পৰা অসম টেবুল টেনিছ সন্থাৰ সভাপতিৰ আসনখন খালী হৈ আছিল৷ অসম টেবুল টেনিছ সন্থাৰ উপ–সভাপতি মুনীন নবিচৰ সভাপতিত্বত আয়োজিত বার্ষিক সাধাৰণ সভাত সকলো কার্যবাহী সদস্য আৰু স্বীকৃতিপ্রাপ্ত জিলাসমূহে মন্ত্রী পীয়ূষ হাজৰিকাক সর্বসন্মতিক্রমে সভাপতি হিচাপে বাছনি কৰে৷ ভাৰতীয় টেবুল টেনিছ ফেডাৰেচনৰ চি ই অ’ ধনৰাজ চৌধুৰী আৰু অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদ আজিৰ সাধাৰণ সভাৰ পর্যবেক্ষক হিচাপে থাকে৷

Leave A Reply