Breaking

বন্দীত্ব জীৱনৰ অৱসান ঘটাই পুৱাৰে পৰা শিৱসাগৰত তহল বিধায়ক অখিল গগৈৰ

0 2,124

দীৰ্ঘদিনৰ বন্দীত্ব জীৱনৰ অৱসান ঘটাই কালি শিৱসাগৰত গৈ উপস্থিত হোৱা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এতিয়া শিৱসাগৰৰ সমস্যাক লৈ বিশেষ গুৰুত্ব দিছে।

শিৱসাগৰৰ সমস্যা সমাধানৰ প্ৰতি আগ্ৰহী বিধায়ক গৰাকীয়ে আজি পুৱাৰে পৰা শিৱসাগৰৰ ঐতিহাসিক দল-দেৱালয়,দলং, পুখুৰী আদি পৰিদৰ্শন কৰে।

পুৱা প্ৰায় ৫ বজাৰ পৰা অখিল গগৈয়ে শিৱসাগৰ পুখুৰী, বিষ্ণুদল,যমুনা নদী, আৱৰ্ত ভৱন, দিখৌ নদী ওপৰৰ ওলমা দলং, জয়সাগৰ পুখুৰী, স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান, ঘনশ্যাম দল, দেৱী দল, ফাকুৱা দল, হৰগৌৰী দৌল, তলাতল ঘৰ, গোলাঘৰ পৰিদৰ্শন কৰি সমস্যাৰ বুজ লয়।

উল্লেখযোগ্য যে,বিধায়ক অখিল গগৈয়ে ৪/৫ দিন শিৱসাগৰত থাকি শিৱসাগৰ সমষ্টিৰ প্ৰতিখন গাওঁলৈ গৈ অঞ্চলসমূহৰ সমস্যাবোৰৰ বুজ ল’ব বুলি জানিবলৈ দিছে।

Leave A Reply