Breaking

শিৱসাগৰত আৰক্ষীৰ গুণ্ডাগিৰি ,খাকী পোচাকত কলংকৰ দাগ ৷

0 33

মুখ্যমন্ত্ৰীৰ আহব্বানক কুঠাৰ ঘাত ৷চেৰেকাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ তাণ্ডৱ ।নিশা সুৰাৰ ৰাগীত মাতাল হৰদেব সিঙৰ নিৰ্বিচাৰ মাৰপিট ,মহিলাসহ বহুজন আহত । উল্লেখ্য যে চেৰেকাপাৰৰ ৰাজীৱ গগৈ নামৰ ব্যক্তিজনৰ ঘৰত চুৰি হৈছিল পানী মটৰৰাইজে মুহিবুল আলি নামৰ এজনক সন্দেহবশত কৰায়ত্ত কৰি লৈ গৈছিল চেৰেকাপাৰ আৰক্ষী চকীলৈ ।

কিন্তু আৰক্ষী চকীখনৰ সুৰাসক্ত আৰক্ষী বিষয়া হৰদেব সিঙ খৰ্গহস্তহৈ পৰে ৰাইজৰ ওপৰত । পুৰুষ মহিলা নিৰ্বিশেষে আৰক্ষী বিষয়াজনে মাৰপিট কৰে গোচৰীয়া পদকীয়া দুয়ো পক্ষকআৰক্ষী বিষয়াজনৰ মাৰত গুৰুতৰভাৱে আহত হয় ৰেণু ৰবি দাস, বাসু ৰবি দাস, পিটল গগৈ, ৰাহুল গগৈ,সুখদেৱ ৰবি দাসকে ধৰি দহজনৰো অধিক লোকগোচৰীয়া ৰাজীৱ গগৈও আহত। পিষ্টল দেখুৱাই সকলোকে প্ৰাণে মৰাৰ ভাবুকি আৰক্ষী বিষয়া হৰদেব সিঙৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত ৰাইজৰ এজাহাৰ ।

Leave A Reply