Breaking

জনজাতি কৰণৰ দাবীত নাজিৰাত ‘টাইপা’ৰ অৱস্থান ধৰ্মঘট

0 2,068

টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰে দুটাকৈ লোকসভা আৰু অসম বিধান সভা নিৰ্বাচনত ভোট নিজৰ পক্ষলৈ নিবলৈ সক্ষম হোৱা বি জে পি দল আৰু চৰকাৰৰ চৰম প্ৰতাৰণাত ক্ষুদ্ধ টাই আহোম জনগোষ্ঠীৰ শক্তিশালী যুৱ সংগঠন টাই আহোম যুৱ পৰিষদ , অসম চমুকৈ টাইপাই সমগ্ৰ অসম জুৰি আহ্বান কৰা কাৰ্যসূচীৰ অংশ স্বৰূপে আজি নাজিৰা মহকুমা সমিতিৰ উদ্যোগত নাট্য মন্দিৰৰ সন্মূখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠনটোৱে টাই আহোম সকলক শীৰ্ঘ্ৰে ভৈয়াম অনুসূচীত জনজাতিৰ তালিকাভুক্ত কৰা , টাই আহোম স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা , আহোম যুগৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহ বেদখলমুক্ত কৰি উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰা , ইতিপূৰ্বে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা শিৱসাগৰ ” আকণিক চাইট ” ৰ বাবে নিৰ্ধাৰিত ৫০০ কোটি টকা মুকলি কৰি শীৰ্ঘ্ৰে আচনি খনৰ কাম আৰম্ভ কৰা , অসম চৰকাৰৰ মুখ্যমন্ত্ৰী বাজেট ঘোষণাত সন্নিবিষ্ট খিলঞ্জীয়া জনগোষ্ঠীৰ উন্নয়নৰ বাবে নিৰ্ধাৰিত ১২৫ কোটি টকা মুকলি কৰাৰ লগতে অতিৰিক্ত ৫০০ কোটি টকা পেকেজৰ ঘোষণাৰ দাবীত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত জিলা খনৰ বিভিন্ন অঞ্চলৰ পৰা অহা শতাধিক যুৱক , মহিলাই ” টাই আহোম সকলক শীৰ্ঘ্ৰে জনজাতি কৰণ কৰা , আছে হেংদাং লোৱা নাই – ল’লে হেংদাং ৰক্ষা নাই , কেন্দ্ৰীয় চৰকাৰ হায় হায় , নৰেন্দ্ৰ মোদী মুৰ্দাবাদ , অসম চৰকাৰ হায় হায় ” আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । কাৰ্যসূচীত টাইপাৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক দিগন্ত তামুলী , সাংস্কৃতিক সম্পাদক অৰুণ ৰাজকোঁৱৰ উপস্থিত থাকি বক্তব্য প্ৰদান কৰে । ইয়াৰ অন্তত সংগঠনটোৰ নাজিৰা মহকুমা সমিতিৰ সভাপতি দিলীপ গগৈ , কাৰ্যকৰী সভাপতি সীমান্ত গগৈ , যুটীয়া সম্পাদক অসীম ৰঞ্জন বুঢ়াগোহাঁই , ৰিদীপ গগৈৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰে । 

Leave A Reply