Breaking

নিৰ্বাচনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবী টাইপাৰ: ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা আৰু লখিমপুৰত আহোম প্ৰাৰ্থীক প্ৰাৰ্থীত্ব দাবী…

0 23

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ নকৰিলে শাসনাধিষ্ঠ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ আটাইকেইটা দলকে আহোম অধুষিত অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে ভোট বৰ্জন কৰিব টাই আহোম যুৱ পৰিষদ, অসমে। আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে এই বিষয়ে অবগত কৰিছে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ আৰু সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইয়ে।আগন্তুক লোকসভাৰ নিৰ্বাচনৰ বাবে ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা আৰু লখিমপুৰ সমষ্টিত আহোম জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী উত্থাপন কৰিছে টাই আহোম যুৱ পৰিষদ, অসমে শাসনাধিষ্ঠ বিজেপিৰ মিত্ৰজোঁটৰ লগতে সকলো ৰাজনীতি দলক।টাইপাৰ অভিযোগ যিকোনো নিৰ্বাচন আহিলেই শাসনাধিষ্ঠ দলেই হওঁক বা বিৰোধী দলেই হওঁক টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰা আশ্বাস প্ৰদান কৰে নিৰ্বাচনী প্ৰচাৰৰ ইস্তাহাৰত কিন্তু নিৰ্বাচনী বিতৰণী পাৰ হোৱাৰ পাছত পাহৰি যায় তেওঁলোকে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্রুতি।বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনতে নিৰ্বাচনৰ সময়ত প্ৰতিশ্রুতি প্ৰদান কৰিছিল তেওঁলোকৰ চৰকাৰ শাসনলৈ আহিলেই আহোমকে ধৰি ছয়জনগোষ্ঠীক জনজাতিকৰণ কৰিব কিন্তু প্ৰধানমন্ত্ৰী প্ৰতিশ্রুতি ফুটকা ফেনত পৰিণত হ’ল।


এইবাৰ টাই আহোম যুৱ পৰিষদ, অসমে আগন্তুক লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ দলক তেওঁলোকৰ মিথ্যাচাৰ বাবে বৰ্জন কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে। আগন্তুক লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে শাসনাধিষ্ঠ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে জিলাই জিলাই টাই আহোম যুৱ পৰিষদ, অসমে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে।

Leave A Reply