Breaking

নগাঁও আৰক্ষীৰ জালত এবছৰে পলাতক হৈ থকা তাজনুৰ ওৰফে ৰাজা :মৰিগাঁও আৰক্ষীয়ে ৰাজ আতিথ্য দিছিল তাজনুৰক

0 551

নগাঁও আৰক্ষীয়ে কালি নিশা জুৰীয়াত অভিযান চলাই তাজনুৰ হুছেইন ওৰফে ৰাজা নামৰ এজন পলাতক  অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে জুৰীয়া আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰ নং ২৫৬/ ২০ ইউ/ এছ ৩৯৯/৪০২ আই পি চি আৰ /ডব্লিউ চেকশ্বন২৫১(এ) আৰ্মচ এক্টৰ  অধীনত এবছৰ পূৰ্বে আৰক্ষীয়ে এটা  ৭.৬৫ এম এম পিষ্টল তাজনুৰ ওৰফে ৰাজাক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু আৰক্ষীৰ চকুত ধূলি দি  তাজনুৰ হুছেইন ওৰফে ৰাজাই পলায়ন কৰিছিল। ইয়াৰ পিছতে  নগাঁও আৰক্ষীয়ে তাজনুৰক পলাতক আচামী হিচাপে ঘোষণা কৰিছিল। আনহাতে নগাঁও আৰক্ষীৰ বাবে পলাতক এইজন আচামী মৰিগাঁও আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ ঘনিষ্ঠ হোৱাৰ সূত্ৰেই মৰিগাঁৱত মুকলিকৈ ঘূৰি ফুৰিছিল। এখন বগা ৰঙৰ মহিন্দ্ৰা এক্স ইউ ভি গাড়ী লৈ মৰিগাঁৱত নিজকে চিআইডি বিষয়া হিচাপে পৰিচয় দিয়া তাজনুৰক  মৰিগাঁৱত বহুলোকে সময়ে সময়ে আৰক্ষীৰ পোছাকতো প্ৰত্যক্ষ কৰিছিল। আনকি নিজৰ ফেচবুক একাউণ্টত তাজনুৰে আৰক্ষী গেষ্ট হাউচত জিৰণি লোৱাৰ ফটো দি নিজকে মৰিগাঁও আৰক্ষীৰ মানুহ বুলি জাহিৰ কৰিছিল। পিচে আজি প্ৰায় ১৫দিন পূৰ্বে তাজনুৰ পুনৰ  জুৰীয়ালৈ ঘূৰি আহে। জুৰীয়াত আহি পুনৰ মাটি দখলৰ বাবে একাংশ লোকক ভাবুকি প্ৰদান কৰোতেই নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সীমান্ত) মানস শইকীয়াৰ নেতৃত্বত যোৱা এটা দলে কালি নিশা  তাজনুৰক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে তাজনুৰে ব্যৱহাৰ কৰা বগা ৰঙৰ এক্সইউভি বাহন খনো জব্দ কৰে । নগাঁও আৰক্ষীয়ে পলাতক ঘোষণা কৰা এজন আচামী কাৰ ছত্ৰছায়াত থাকি মৰিগাঁৱত মুকলিকৈ ঘূৰি ফুৰিছিল তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে ।  তাজনুৰৰে মৰিগাঁৱৰ কোন শীৰ্ষ আৰক্ষী বিষয়াৰ সম্পৰ্ক আছে? ধুবুৰীৰ ডিএছপি যতীন দাসৰ দৰে ঘটনাৰ পুনৰাবৃত্তি হব নেকি? এনে বোৰ প্ৰশ্নই আৰক্ষীৰ ভিতৰচোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে ।

Leave A Reply