Breaking

৪৮ বছৰ বয়সত হাৰ্ট এটেকে প্ৰাণ কাঢ়িলে তামিল অভিনেতা ডেনিয়েল বালাজীৰ…

0 40

তামিল অভিনেতা ডেনিয়েল বালাজীৰ মৃত্যু। মাত্ৰ ৪৮ বছৰ বয়সতে তেওঁ এই পৃথিৱীৰ পৰা বিদায় ল’লে অভিনেতাগৰাকীয়ে। অভিনেতা গৰাকীৰ মৃত্যুৱে তামিল উদ্যোগত শোকৰ ছাঁ পেলাইছে। খবৰ অনুসৰি শুকুৰবাৰে ডেনিয়েল বালাজীৰ বুকুৰ বিষ হয়। ইয়াৰ পিছতে তেওঁক চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয়। মাত্ৰ ৪৮ বছৰ বয়সতে ডেনিয়েল বালাজীয়ে এই পৃথিৱীৰ পৰা বিদায় ল’লে। তেওঁৰ মৃত্যুত কেৱল পৰিয়ালতে নহয় অনুৰাগী তথা উদ্যোগৰ মাজত শোকৰ ছাঁ।

ডেনিয়েল বালাজীৰ মৃত্যুৰ কাৰণ হৃদৰোগ বুলি জানিব পৰা গৈছে। অভিনেতাগৰাকীৰ শেষকৃত্য অনুষ্ঠান আজি অৰ্থাৎ শনিবাৰে হ’ব পাৰে। য’ত তামিল উদ্যোগৰ বহু পৰিচালক, প্ৰযোজক আৰু অভিনেতাই তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিব পাৰে। একে সময়তে ডেনিয়েল বালাজীৰ অনুৰাগীসকলে ধাৰাবাহিকভাৱে ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰিছে। টুইটাৰৰ পৰা ছ’চিয়েল মিডিয়ালৈকে মানুহে তেওঁৰ বিখ্যাত চৰিত্ৰ আৰু ছবিৰ কথা মনত পেলাইছে।


অভিনেতাজনৰ ব্যক্তিগত জীৱনৰ কথা কওঁতে ডেনিয়েল বালাজীৰ পিতৃ আছিল তেলেগু আৰু মাতৃ তামিল। অভিনেতা গৰাকীৰ ককাক কানাড়া ছবিৰ বিখ্যাত পৰিচালক চিদ্দালিংগাইয়া। অভিনেতা মুৰালী তেওঁৰ খুলশালীয়েক আছিল।


Leave A Reply