Breaking

ৰাজস্থানৰ পিছত তামিলনাডুঃ ২০ লাখ টকাৰ উৎকোচ লৈ ধৰা পৰিল ইডিৰ বিষয়া

0 49

ৰাজস্থানৰ পিছত তামিলনাডু।দেশৰ বিভিন্ন প্ৰান্ত এনফোৰ্চটমেণ্ট সঞ্চালকালয়ে (ইডি) অভিযান চলাই বহু লোকক গ্ৰেপ্তাৰ কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে সক্ৰিয় সংস্থাটোতেই পিছে আছে বহু দুৰ্নীতিগ্ৰস্ত বিষয়া। কিছুদিন পূৰ্বে ৰাজস্থানত তেনে এগৰাকী ইডিৰ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ একে ঘটনাই ঘটিছে তামিলনাডুত। ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী গোটৰ মাদুৰাই শাখাই শেহতীয়াকৈ ডিণ্ডিগুল-মাদুৰাই ঘাইপথত ইডি বিষয়া অংকিত তিৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে। ইডিৰ জ্যেষ্ঠ বিষয়াজনে ২০ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰিছে। ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী গোচটৰ মাদুৰাই শাখাই ইডিৰ বিষয়াজনক ধৰিবলৈ জাল পেলাইছিল।

অংকিত তিৱাৰীয়ে পূৰ্বে গুজৰাট আৰু মধ্য প্ৰদেশত কাৰ্যনিৰ্বাহ কৰিছিল। তিৱাৰীক উৎকোচ দিয়া ব্যক্তিজনে ভিজিলেন্স বিষয়াসকলক এই বিষয়ে সতৰ্ক কৰাৰ পিছতে ভিজিলেন্সে বিষয়া জনক হাতেলোটে ধৰিবলৈ পৰিকল্পনা কৰে। উল্লেখ্য ইডিয়ে তামিলনাডুৰ বহু মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া একাংশৰ বিৰুদ্ধে সক্ৰিয়ভাৱে গোচৰৰ তদন্ত কৰি আছে।এনে সময়তে ইডিৰ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ কথাই আলোড়ণৰ সৃষ্টি কৰিছে।

Leave A Reply