Breaking

শৰাইঘাটৰ যুদ্ধ অংকন কৰি তনয়া ৰাজখোৱাৰ ইণ্ডিয়ান বুকছ অৱ ৰেকৰ্ডত স্থান লাভ

0 81

ভাৰত বুৰঞ্জীৰ অন্যতম ঐতিহাসিক যুদ্ধ হিচাপে পৰিগণিত অসমৰ আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ ৰণক ৰং-তুলিকাৰে অংকন কৰি ইণ্ডিয়ান বুকছ অৱ ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ তনয়া ৰাজখোৱাই৷

এখন ডাঙৰ আকাৰৰ পিক্সেল আৰ্ট পেইণ্টিঙত শৰাইঘাটৰ যুদ্ধ বৰ্ণনা কৰি তনয়াই এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে৷ ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ অন্যতম প্ৰধান যুদ্ধ হিচাপে বিবেচিত হোৱা মোগলৰ লগত হোৱা শৰাইঘাটৰ যুদ্ধখনৰ বৰ্ণনা ৫৬ ঘ ৫৬ ছে.মি. পিক্সেল আৰ্ট পেইণ্টিং কৰি এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷

প্ৰতিটো চতুৰ্ভুজ প্ত মি.মি.ৰ সহিতে মুঠ ৰ২৬৬৯ পিক্সেল ব্যৱহাৰ কৰি এই ছবিখন অংকন কৰিছে৷ বৰ্তমান উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা তনয়া ৰাজখোৱাই এই ছবিখন অংকন কৰা সময়ত বয়স হৈছিল ১৯ বছৰ ৩ মাহ ১৮ দিন৷

যোৱা এক জুন তাৰিখে ইণ্ডিয়ান বুকছ অৱ ৰেকৰ্ডছত তনয়াৰ এই বিৰাটাকাৰৰ ছবিখনে স্থান লাভ কৰা বুলি মেডেলসহ প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে৷

তনয়া ৰাজখোৱাই বিদ্যালয়ত পঢ়ি থকা সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী টেবুল টেনিছ খেলুৱৈ হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনিছিল৷

তদুপৰি এগৰাকী নেট বল খেলুৱৈ হিচাপে পৰিচিত তনয়া ডিব্ৰুগড়ৰ দুৱৰাচুকৰ পদ্ম পলাশ ৰাজখোৱা আৰু সঞ্চিতা দুৱৰাৰ একমাত্ৰ কন্যা৷

Leave A Reply