Breaking

লক্ষ্য ২০২১ চনৰ বিধান সভা নিৰ্বাচন : বকো সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ টিকট প্ৰত্যাশীৰ ভিৰ

0 2,145

সমাগত ২১ ৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ক্ৰমান্বয়ে গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। শাসক বিৰোধীকে ধৰি প্ৰতিটো ৰাজনৈতিক দলে দিছপুৰৰ মছনদ দখল কৰাৰ বাবে নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰাত ব্যস্ত। ইয়াৰ পৰিপেক্ষিতত ৪৮ নং বকো বিধান সভা সমষ্টিত প্ৰতিটো  ৰাজনৈতিক দলৰ একাধিক প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে সৰ্বসাধাৰণ ভোটাৰ ৰাইজৰ সমৰ্থন আদায় কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে। বকো বিধান সভা সমষ্টিৰ এইবাৰৰ নিৰ্বাচনী অংক কিছু ব্যতিক্ৰমী হব বুলি ধাৰণা কৰা হৈছে। কোনো এটা দলৰেই  প্ৰাৰ্থী প্ৰক্ষেপ নিশ্চয় নোহোৱাত প্ৰতিটো দলৰে কৰ্মী-সমৰ্থকে উৎকন্ঠাৰে দিন কটাবলগীয়া হৈছে। কংগ্ৰেছৰ নন্দিতা দাসৰ দখলত থকা ৪৮ নং বকো বিধান সভা সমষ্টিত প্ৰধানকৈ কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফ, সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ, অসম গণ পৰিষদ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল সমূহে এবাৰৰ আসন খন দখল কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলোৱাৰ পৰিলক্ষিত হৈছে। সমষ্টিটোৰ বৰ্তমানৰ নন্দিতা দাস কংগ্ৰেছ দলৰ বিধায়কা আছে যদিও নিৰ্বাচনৰ প্ৰাকক্ষণত দলটোৰ মাজত অঘোষিত বিসম্বাদৰ ওকমোকনিয়ে দেখা দিছে। বিধায়িকা গৰাকীৰ লগত সমষ্টিটোৰ ঠায়ে ঠায়ে কৰ্মী সকলৰ সৈতে হোৱা অন্তকলহৰ বাবে নন্দিতা দাসৰ ভেটি লাহে লাহে দুৰ্বল হৈ আহিবলৈ ধৰিছে। বিধায়িকা নন্দিতা দাসৰ একনায়কত্ব ভাৱে শাসন চলোৱাৰ  পৰিপেক্ষিতত সমষ্টিটোৰ একাংশ কৰ্মীয়ে ফলৰি কাটি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভানেত্ৰী কৃষ্ণ দাসক প্ৰাৰ্থীত্ব প্ৰত্যাশী হিচাপে সমষ্টিটোৰ চোকে কোনে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে কৃষ্ণ দাসে প্ৰাৰ্থিত্ব বিচাৰি দলীয় নেতৃত্বৰে সঘন যোগাযোগ ৰাখিছে। নিৰ্বাচনৰ প্ৰাকক্ষণত দলীয় বিসম্বাদে বকো সমষ্টিত কংগ্ৰেছ দলটি বেয়াকৈ ক্ষতিগ্ৰস্ত হব বুলি একাংশ সচেতন ৰাইজে মন্তব্য কৰিছে। ইফালে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ বেনাৰত সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী গোপীনাথ দাসেও যুদ্ধকালীন ব্যস্ততাৰে সমষ্টিৰ অলিয়ে-গলিয়ে প্ৰচাৰ চলোৱাটো পৰিলক্ষিত হৈছে। উল্লেখ্য যে গোপীনাথ দাস আজিৰ দিনটোলৈ দলটিৰ ৰাজ্যিক সভাপতিৰ দ্বায়িত্বতো নিয়োজিত হৈ আছে। দলীয় স্থিতি মজবুত কৰাৰ সমন্তৰালকৈ নিজৰ সমষ্টিত প্ৰচাৰৰ ক্ষেত্ৰতো নেতাগৰাকী যথেষ্ট তৎপৰ হোৱা পৰিলক্ষিত হৈছে। ইপিনে শাসকীয় দল বিজেপিৰ একাধিক প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে নিজৰ সমৰ্থনত ইতিমধ্যে চুবাই চুবাই দলীয় সভা সমিতি পাতি, হৰ্ডিং আৰি নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰাখিছে। ইতিমধ্যে শাসকীয় বিজেপি দলৰ পৰা ক্ৰমে সুকুমাৰ বিশ্বাস, সীমান্ত দাস, কৌশল মালাকাৰ, নিলোপম দাস আদিয়ে প্ৰাৰ্থীত্ব বিচাৰি দলীয় নেতৃত্বৰে লগত সঘন যোগাযোগ অব্যাহত ৰাখিছে। আনফালে সমষ্টিটোত অসম গণ পৰিষদ দলৰ প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাসেও নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। এজিপি-বিজেপি মিত্ৰতাই কোন দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব তাৰ ওপৰত ভৱিষ্যত নিৰ্ভৰ কৰিব প্ৰাক্তন বিধায়ক গৰাকীৰ। ৰাজ্যত নতুনকৈ গঠন হোৱা আঞ্চলিক দল অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী দ্বীপজ্যোতি দাসেও সমষ্টিটোৰ চোকে কোনে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। পূৰ্বৰ নিৰ্বাচনবোৰতকৈ এইবাৰৰ নিৰ্বাচন প্ৰতিটো ৰাজনৈতিক দলৰ বাবে সমষ্টিটোত এক প্ৰত্যাহবান স্বৰূপ হব বুলি এতিয়াই ঠাৱৰ কৰিব পাৰি।

Leave A Reply