Breaking

এতিয়াও সংকটমুক্ত নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য

0 43

গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা এতিয়াও জটিল হৈয়ে আছে ।
যাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক দিল্লীৰ এইমছলৈ স্থানান্তৰ কৰা হ’ব পাৰে ।


জি এম চি এইচৰ অধ্যক্ষ অভিজিত শৰ্মাই জনোৱা মতে, “তেওঁ ৯৬-৯৭ শতাংশ অক্সিজেন সংপৃক্ততা বজাই ৰাখিছে । বৃহস্পতিবাৰে তেওঁৰ অক্সিজেন সংপৃক্ততা কমি আহিছিল। এতিয়া তেওঁ non-invasive ventilation (NIV)ত আছে। চিন্তাৰ কথা হৈছে তেখেতৰ প্ৰস্ৰাৱ হ্ৰাস হৈছে । যদি পৰিস্থিতি উন্নত নহয়, আমি তেখেতক ডায়েলাইচিছলৈ লৈ যাব লাগিব পাৰে” : অভিজিত শৰ্মা।

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৈতে থকা চিকিৎসকৰ দলটোয়ে এইমছৰ চিকিৎসকৰ সৈতে যোগাযোগত আছে ।

“এইমছৰ চিকিৎসক সকল আমাৰ চিকিৎসাত সন্তুষ্ট আৰু চিকিৎসা প্ৰটোকল সলনিৰ কোনো প্ৰয়োজন নাই,” শৰ্মা।

উল্লেখ্য যে, প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীক প্ৰথমে COVID-19ত সংক্ৰমিত হোৱা বাবে ২৬ আগষ্টত GMCHত ভৰ্তি কৰা হৈছিল আৰু তিনিমাহ চিকিৎসাৰ অন্তত যোৱা ২৫ অক্টোবৰত ঘৰলৈ যাবলৈ দিয়া হৈছিল । পিছত আকৌ শ্বাস-প্ৰশ্বাস লোৱাত হোৱা কষ্টৰ বাবে ১নৱেম্বৰ নিশা ১০বাজি ৩০ মিনিটত মুখ্যমন্ত্ৰী গৰাকীক পুনৰ ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত।

Leave A Reply