Breaking

অসমৰ বিভিন্ন প্ৰান্তত প্ৰশাসনে চলাই থকা উচ্ছেদ অভিযানৰ বিৰুদ্ধে শিৱসাগৰত তীব্ৰ প্ৰতিবাদ চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ জনজাতি মহিলা সমিতিৰ

0 1,025

শিলচৰৰ দুলু চাহ বাগিছাকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত প্ৰশাসনে চলাই থকা উচ্ছেদ অভিযানৰ বিৰুদ্ধে বুধবাৰে শিৱসাগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ জনজাতি মহিলা সমিতিয়ে।শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ চৌহদৰ পৰা সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে চাহ জনগোষ্ঠীয় সংগঠন দুটাই।চৰকাৰে চাহবাগিচাত চলোৱা উচ্ছেদৰ ফল অহা নিৰ্বাচনত ভোগ কৰিব লাগিব বুলিও সকিয়াই দিয়ে আটছাই। লগতে প্ৰয়োজনত প্ৰতিখন জিলাৰ ৰাজপথ উত্তাল কৰাৰ হুংকাৰ আটছাৰ।

উল্লেখযোগ্য যে প্ৰায় দুশ বছৰ পুৰণি দুলু চাহ বাগিচাত ১২ মে’ৰ পৰা শতাধিক এক্সেভেটৰ লগাই চলাইছে উচ্ছেদ।

Leave A Reply