Breaking

তিতাবৰত সাংসদ তপন কুমাৰৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ…

0 22

তিতাবৰত সাংসদ তপন কুমাৰ গগৈ গ’ বেক, বিজেপি চৰকাৰ হায় হাড় ধ্বনিৰে চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

যোৰহাট লোকসভা সমষ্টিৰ তিতাবৰৰ মোহনাটিং গ্ৰাণ্টক ‘অসম আদৰ্শ গাঁও যোজনাৰ ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ অধীনত মুঠ ১ কোটি টকা পুঁজিৰে উন্নয়ন কৰিবৰ বাবে আৱণ্টন হোৱাৰ পিছতো মোহনাটিং গ্ৰাণ্টৰ চুঙী চাহ বাগিচাত আজিলৈকে কোনো আঁচনি ৰূপায়ন নহ’ল।

সাংসদ তপন কুমাৰ গগৈয়ে চুঙী চাহ বাগিচাৰ যাতায়ত, খোৱাপানী, মাটিৰ ম্যাদীকৰণ, চাহ জনগোষ্ঠীক জনজাতিকৰণ আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকাৰ পিছতো বিগত পাঁচ বছৰে কোনো এটা সমস্যা সমাধান নকৰাৰ পৰিপ্ৰেক্ষিতত আজি পুৱা আটছাৰ ডফলাটিং উপ-শাখাৰ সভাপতি নিতুল কুৰ্মী আৰু সম্পাদক কিৰণ ৰাওৰ নেতৃত্বত চুঙী চাহ বাগিচাৰ শ্ৰমিকসকলেৰাজপথলৈ ওলাই ‘তপন কুমাৰ গগৈ গ’ বেক’, বিজেপি চৰকাৰ গ’ বেক’,

অসম চৰকাৰ হায়- হায়, আটছা জিন্দাবাদ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদেৰে সাংসদ তপন কুমাৰ গগৈক ধিক্কাৰ দিয়াৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ভোটাধিকাৰ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে।

Leave A Reply