Breaking

মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক দিৱস উদযাপন

0 655

সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাৰ অন্যতম শিক্ষানুষ্ঠান মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ৫ ছেপ্তেম্বৰ শিক্ষক দিৱস উপলক্ষে বিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু ছাত্ৰ ছাত্ৰী সকলৰ সহযোগত মান্দাকাটা প্ৰেক্ষাগৃহত পবিত্ৰ শিক্ষক দিৱস উদযাপনৰ কৰা হয়।

বিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি চাইজুদ্দিন আহমেদে আঁতধৰা সভাৰ সভাপতিত্ব কৰে মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ ৰুমী বেগমে। বিদ্যালয় ছাত্ৰ একতা সভাৰ তৰফৰ পৰা শিক্ষাগুৰু সকলক ফুলাম গামোচা আৰু কলমেৰে সম্বৰ্ধনা জনোৱাৰ লগতে নৃত্য গীত আদি অনুষ্ঠানৰে শিক্ষক দিৱস উদযাপন কৰে।উক্ত অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।

Leave A Reply