Breaking

যোৰহাটৰ ম’হবন্ধা বাগান প্ৰাথমিক বিদ্যালয়ত শিক্ষক দিৱস উদযাপন…

0 61

আজি পৱিত্র শিক্ষক দিৱস। শিক্ষকসকলৰ কষ্ট-ত্যাগক স্বীকৃতি দিয়াৰ সমান্তৰালভাৱে প্ৰশংসাৰ বাবে ভাৰতে ১৯৬২ চনৰ পৰাই পালন কৰি আহিছে এই দিৱস। ভাৰতত দ্বিতীয় ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন অৰ্থাৎ ৫ ছেপ্টম্বৰ দিনটোত যোৱা ৬১ বছৰে এই দিৱস উদযাপন কৰি অহা হৈছে। এই বৰ্ষও তাৰ ব্যতিক্ৰম নহয়। দেশৰ বিদ্যালয়ে-বিদ্যালয়ে আড়ম্বপূৰ্ণভাবে এই দিৱস উদযাপনৰ বাবে গ্ৰহণ কৰা হৈছে বিশেষ কাৰ্যসূচী। এই দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জিলাৰ ম’হবন্ধা বাগান প্ৰাথমিক বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্রীক উৎসাহ তথা সন্মানিত কৰাৰ উদ্দেশ্যেৰে ছাত্ৰ-ছাত্ৰী সকলে আয়োজন কৰে বিশেষ সম্বৰ্ধনা সভাৰ।

অৱসৰপ্ৰাপ্ত শিক্ষক অজিত দত্ত আৰু অমূল্য বৰাক বিশেষভাবে সম্বৰ্ধনা জনোৱা সভাত বিশিষ্ট অতিথিৰূপে মাহেকীয়া আলোচনী”দিগদৰ্শন”ৰ সম্পাদক তথা সাংবাদিক পংকজ কুমাৰ দাসে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে।বিদ্যালয়খনৰ সহকাৰী শিক্ষক প্ৰদীপ শৰ্মা ভৰালীয়ে আঁত ধৰা সমগ্ৰ অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলে গীত-নৃত্য পৰিৱেশন কৰি জীপাল কৰি তোলে।

Leave A Reply