Breaking

টি-২০ খেলৰ পূৰ্বে টিম ইণ্ডিয়াৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ বিশেষ ফটোশ্বুট…

0 53

ভাৰত-দক্ষিণ আফ্ৰিকা T20 শৃংখলাৰ পূৰ্বে ভাৰতীয় দলৰ অধিনায়ক সূৰ্য্যকুমাৰ যাদৱক ফটো চেচনত দেখা গৈছে। এখন ফটোত সূৰ্যকুমাৰ যাদৱ ৰিক্সাত বহি আছে। আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব টি-২০ মেচ ছিৰিজৰ প্ৰথমখন মেচ। ডাৰবানৰ কিংছমিড খেলপথাৰত দুয়োটা দলৰ মুখামুখি হ’ব। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই খেলখন। অৱশ্যে ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে এখন ফটো।

ইয়াৰ পূৰ্বে সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে ৫ টি-২০ মেচ শৃংখলাত অষ্ট্ৰেলিয়াক ৪-১ গ’লত পৰাস্ত কৰে। উল্লেখযোগ্য যে আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৩ টি-২০ মেচ ছিৰিজৰ প্ৰথমখন মেচ ডাৰবানত অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ১২ ডিচেম্বৰত ছেইণ্ট জৰ্জ পাৰ্কত অনুষ্ঠিত হ’ব দ্বিতীয়খন টি-২০। আনহাতে এই ছিৰিজৰ তৃতীয় আৰু শেষৰ টি-২০ মেচখন ১৪ ডিচেম্বৰত জোহান্সবাৰ্গত অনুষ্ঠিত হ’ব।

Leave A Reply