Breaking

প্ৰযুক্তিৰ গোলযোগ! আমেৰিকাত শ শ বিমানৰ উৰণ স্থগিত

0 71

এক নজিৰ বিহীন ঘটনা ঘটিছে আমেৰিকাত। বিমান চলাচলৰ সৈতে জড়িত নোটাম প্ৰণালীত দেখা দিয়াগোলযোগৰ বাবে আমেৰিকাত শ শ বিমানৰ উৰণ স্থগিত ৰখা হৈছে।বুধবাৰে এক গুৰুত্বপূৰ্ণ কম্পিউটাৰ প্ৰণালী বিফল হোৱাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই বিমান চলাচলত ব্যাঘাতৰ সন্মুখীন হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান নিয়ন্ত্ৰক ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচন (এফ.এ.এ.) সমগ্ৰ দেশত ৪০০ ৰো অধিক বিমানৰ উৰণ বন্ধ কৰি দিছে। সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে ঘৰুৱা, আন্তঃৰাষ্ট্ৰীয় আৰু ট্ৰান্সটলান্তিক বিমানৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে। ডিজিচিএৰ এজন জ্যেষ্ঠ বিষয়াৰ মতে, সকলো ভাৰতীয় বিমানবন্দৰ স্বাভাৱিকভাৱে চলি আছে, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচনৰ সৈতে চিষ্টেমৰ ত্ৰুটিৰ বাবে বৰ্তমান ভাৰতৰ পৰা আমেৰিকালৈ যোৱা বিমানৰ ওপৰত কোনো প্ৰভাৱ পৰা নাই।

লক্ষণীয়ভাৱে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচনৰ (এফ.এ.এ.) প্ৰণালী যি পাইলট আৰু অন্যান্য বিমান কৰ্মীসকলক বিপদ বা বিমানবন্দৰৰ সুবিধা সেৱা আৰু প্ৰাসঙ্গিক প্ৰক্ৰিয়াৰ যিকোনো পৰিৱৰ্তনৰ বিষয়ে সতৰ্ক কৰে।তদুপৰি, ভাৰ্জিনিয়াৰ ৱাৰেণ্টনত অৱস্থিত ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচন এয়াৰ ট্ৰেফিক কণ্ট্ৰোল চিষ্টেমৰ এটা অংশ এয়াৰ ট্ৰেফিক কণ্ট্ৰোল চিষ্টেম কমাণ্ড চেণ্টাৰে নিয়ন্ত্ৰণ কৰে।

Leave A Reply