Breaking

ডিমাকুছিত কিশোৰ নিৰুদ্দেশ

0 535

দালগুৰি জিলাৰ অন্তৰ্গত ডিমাকুছিত যোৱা ২৯ জুনৰ পৰা সন্ধানহীন হৈ আছে ৯ বছৰীয়া কিশোৰ সঞ্জিৱ কৰ্মকাৰ।জিলা খনৰ হাতীগড় চাহ বাগিচাৰ ১০ নং লাইনৰ বাসিন্দা তথা বৰ্তমান শুক্লাইৰ ব্যক্তিগত ক্ষুদ্ৰ চাহ বাগিচাত কৰ্মৰত দেবেন কৰ্মকাৰ আৰু গীতা কৰ্মকাৰৰ পুত্ৰ সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।আমদাৰা শুক্লাই প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ উক্ত ছাত্ৰ জনৰ কোনো সদাশয় ব্যক্তিয়ে সম্ভেদ পালে ৯৪৩৫৮৯২২৭১ নম্বৰত যোগাযোগ কৰিবলৈ অথবা স্থানীয় আৰক্ষী থানাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।

Leave A Reply