Breaking

টীয়কৰ কাকজানত শিশু কথাছবি ‘‘তেজিমলা’’ৰ প্ৰ’ম মুকলি

0 122

কাকজানৰ পৰা বিৰাজ বৰাঃ বৰ্তমান সময়ৰ আধুনিকতা বা যান্ত্ৰিকতাৰ ধামখুমীয়াত হেৰাই যোৱাৰ উপক্ৰম হোৱা ককা-আইতৰ মুখেৰ সাধু শুনাৰ মাদকতা, জোনাকৰ ৰাতিৰ দিনবোৰ উভটাই অনাৰ বাবে Nj production বেনাৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধু কথাৰ আধাৰত টীয়ক কাকজানৰ এদল স্হানীয় শিল্পী সকলৰ উমৈহতীয়া প্ৰচেষ্টাত এইমাহতে মুক্তি পাব লগা তেজিমলা নামৰ এখন শিশু কথা ছবি প্ৰ’ম লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম দিনতো মুকলি কৰি দিয়া হয়৷ নয়নজ্যোতি নেওঁগৰ সংলাপ আৰু পৰিচালনাৰে নিৰ্মিত শিশু কথাছবি খনৰ মুল চৰিত্ৰ মাহীমাক আৰু তেজিমলাৰ চৰিত্ৰত ক্ৰমে শিখা কাকতি আৰু কৃষ্ণা বৰাই অভিনয় কৰিছে৷ লক্ষীনাথ বেজবৰুৱাৰ জন্মদিনত তেজিমলা কথা ছবিৰ প্ৰ’ম মুকলি কৰি শিশু সকলৰ বৌদ্ধিক সচেতনতা জন্মাবলৈ এনে পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে৷ সাধু কথাছবি খন ইউটুব চেনেলত উপলব্ধ হব বুলি জানিবলৈ দিয়ে দলটিৰ কৰ্মকটাই।

Leave A Reply