Breaking

গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেৰা অলিম্পিকত তেজপুৰৰ দক্ষ এথলীট মিনা বৰা বায়নৰ কৃতিত্ব, যোগক্ৰীড়াত কনভেনৰ হিচাপে যোগদান; ট্ৰিপল জাম্পত ব্ৰঞ্জৰ পদক লাভ…

0 35

দেশৰ পেৰা অলিম্পিক সন্থাৰ উদ্যোগত যোৱা ৮ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ গোৱাত অনুষ্ঠিত চুপাৰ মাষ্টাৰ গেমছত যোগক্ৰীড়াৰ কনভেনৰ হিচাপে অংশ গ্ৰহণ কৰা তেজপুৰৰ দক্ষ এথলেটিকছ মিনা বৰা বায়নে ট্ৰিপল জাম্প প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদকেৰে তেজপুৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, পেৰা অলিম্পিকৰ এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যোগাসন, ভলীবল, ফুটবল, হকী, পাৱাৰ লিফ্টিং, আৰ্ম ৰেষ্টলিং, বেডমিণ্টন, সাঁতোৰ আৰু আন সকলো প্ৰকাৰৰ এথলেটিকছত দেশৰ ১৮ খন ৰাজ্যৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। উল্লেখ্য যে, তেজপুৰৰ পাৰ্বতী নগৰ নিৱাসী মিনা বৰা বায়নে ইয়াৰ পূৰ্বেও যোগক্ৰীড়াৰ লগতে বিভিন্ন এথলেটিকছ প্ৰতিযোগিতাত বহুবাৰ ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰেৰে তেজপুৰ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

Leave A Reply