Breaking

তেলেংগানাৰ ৰাজ্যপালৰ পদত্যাগ! বিজেপিৰ টিকটত তামিলনাডু লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা…

0 25

সোমবাৰে তেলেংগানাৰ ৰাজ্যপালৰ পদৰ পৰা পদত্যাগ কৰে তামিলিছাই সৌন্দৰৰাজনে। ৰাজ্যৰ আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। মূলসুঁতিৰ ৰাজনীতিত প্ৰৱেশৰ কাৰণ উল্লেখ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক উদ্দেশ্যি এখন পত্ৰ দি দিল্লীত তেওঁৰ পদত্যাগ দাখিল কৰে।


১৯৬১ চনৰ ২ জুনত জন্মগ্ৰহণ কৰা সৌন্দৰৰাজন প্ৰবীণ কংগ্ৰেছী কুমাৰী অনন্তনৰ কন্যা। এম.বি.বি.এছ. আৰু পি.জি. স্ত্ৰীৰোগ বিজ্ঞানত (ডি জি অ’)। ৭ বছৰ ধৰি চেন্নাইৰ শ্ৰীৰামচন্দ্ৰ চিকিৎসা মহাবিদ্যালয়ত স্ত্ৰীৰোগ বিভাগত সহকাৰী অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০০৩ চনত পদত্যাগ কৰি ৰাজনৈতিক কাম-কাজত নিজকে সম্পূৰ্ণৰূপে উৎসৰ্গা কৰে। ২০১৯ চনলৈকে তামিলনাডু বিজেপিৰ মুৰব্বী হৈ থকাৰ পিছত ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰে।

বিশ বছৰতকৈও অধিক সময় ধৰি বিজেপিৰ সৈতে জড়িত হৈ আছে সৌন্দৰাৰাজন, প্ৰভাৱশালী নগৰ সম্প্ৰদায়ৰ পৰা আহি তামিলিছাই ২০১৯ চনৰ লোকসভা নিৰ্বাচনত থুথুকুডিত ডি এম কেৰ কানিমোঝিৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছিল।

Leave A Reply