Breaking

লোকসভাত উত্থাপিত টেলিকম বিধেয়ক

0 42

বিৰোধীৰ অভিযোগ প্ৰতি অভিযোগৰ মাজতে সোমবাৰে লোকসভাত কেন্দ্ৰীয় তথ্য প্ৰযুক্তি, বৈদ্যুতিন আৰু দূৰসংযোগ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন টেলিকম বিধেয়ক উত্থাপন কৰে। যদিহে নতুন টেলিকম বিল গৃহীত হয় তেন্তে ই ব্ৰিটিছ যুগৰ টেলিগ্ৰাফ আইন, বেতাঁৰ টেলিগ্ৰাফী আইনখনৰ ঠাইত এই খণ্ডটো পৰিচালনা কৰা নতুন আইন হিচাপে পৰিগনিত হ’ব।

কিন্তু বিৰোধীয়ে বিধেয়কখনৰ কেইবাটাও ধাৰাত আপত্তি দাঙি ধৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত যিকোনো কোম্পানীৰ দূৰসংযোগ সেৱা গ্ৰহণ বা বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্বিঘ্নে ক্ষমতা দিয়া হৈছে বুলি তেওঁলোকৰ অভিযোগ। ইয়াৰ উপৰিও নতুন বিধেয়কখনে ইণ্টাৰনেট ভিত্তিক ফোন আৰু মেছেজকো ‘টেলিকমিউনিকেচন’ৰ অধীনত আনিছে।

যোৱা আগষ্ট মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কেবিনেট বৈঠকত নতুন টেলিকম বিলৰ খচৰা গৃহীত হৈছিল। চৰকাৰে যুক্তি দিছিল যে ১৩৮ বছৰীয়া ব্ৰিটিছ যুগৰ টেলিগ্ৰাফ আইনখন ইণ্টাৰনেট ভিত্তিক দূৰসংযোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অকাৰ্যকৰী।

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ চিন্তাৰ বাবে নেট ভিত্তিক দূৰসংযোগ ব্যৱস্থা নিয়ন্ত্ৰণৰ বাবে নতুন আইন প্ৰণয়নৰ প্ৰয়োজন। অৱশ্যে ভৱিষ্যতে এই প্ৰস্তাৱিত আইনখন ৰাজনৈতিক কামত ব্যৱহাৰ হ’ব পাৰে বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীৰ এটা অংশই।

Leave A Reply