Breaking

ওদালগুৰিৰ পানেৰীত দহ বছৰীয়া কিশোৰীক যৌন উৎপীড়ন | অভিযুক্তক গ্ৰেপ্তাৰ |

0 1,050

ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত ফুলকুছি গাঁৱত এজনী দহ বছৰীয়া কিশোৰীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগত আজি আৰক্ষীয়ে ৰূপেন দৈমাৰী(৪০) নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে ৷ জানিব পৰা অনুসৰি ফুলকুছি গাঁৱৰ ৰূপেন দৈমাৰী নামৰ ব্যক্তিজনে নিজৰ সমন্ধীয় দহ বছৰীয়া কিশোৰীজনীক পঢ়া-শুনাৰ দায়িত্ব লৈ নিজৰ ঘৰত আশ্ৰয় দিয়ে ৷ সম্বন্ধত মহায়েক ৰূপেন দৈমাৰীয়ে কিশোৰীজনীক এসপ্তাহ পূৰ্বে যৌন উৎপীড়ন চলোৱাৰ উপৰি এই কথা আনক নক’বলৈ সকিয়াই দিয়া বুলি বায়েক এজনীক অৱগত কৰাত বায়েকে আজি পানেৰী থানাত এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত পানেৰী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬(এবি) আৰু প্ৰছক’ (POSCO) আইনৰ অধীনত ৪৮/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰি অভিযুক্তজনক গ্ৰেপ্তাৰ কৰাৰ উপৰি কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷ এনে অমানৱীয় ঘটনাক পানেৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থায়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ উপৰিওঁ দোষীক উচিত শাস্তি প্ৰদান কৰাৰ আহ্বান জনাইছে |

Leave A Reply