Breaking

অসম-মেঘালয় সীমান্তত অব্যাহত উত্তেজনা; জিলা প্ৰশাসনক প্ৰবেশ গেট উঠাই নিয়াৰ দাবী খাছীয়াৰ

0 57

পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৰ খান্দুলিত আজিও অব্যাহত এক চেপা উত্তেজনা৷ আজি বিয়লিভাগত মেঘালয়ৰ খান্দুলিত দুইসহস্ৰাধিক খাছীলোকৰ উপস্থিতত এক সভা অনুষ্ঠিত কৰা হয়৷

উক্ত সভাৰ অন্তত একাংশলোক খাছীলোক অসমভূমিত আহি পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত কৃষ্ণা বৰুৱা আৰু আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাক সাক্ষাৎ কৰি এটি আলোচনা মিলিত হয়৷ মেঘালয়ৰ পৰা অহা লোকসকলে আম-ইহস্থিত কাৰ্বি পৰিষদৰ প্ৰৱেশ কৰৰ গেটটি আজি নিশাৰ ভিতৰতেই উঠাই নিবৰ বাবে সজোঁৰে দাবী জনাই জিলা প্ৰশাসনক৷ এইধৰণৰ দাবী সম্পূৰ্ণৰূপে নসাৎ কৰি এইবিষয়টো ৰাজ্যিক পৰ্যায়ৰ বিষয় বুলি প্ৰত্যুত্তৰ প্ৰদান কৰে জিলা উপায়ুক্ত কৃষ্ণা বৰুৱাই৷

অৱশ্যে, বিষয় সন্দৰ্ভত পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে সাংবাদিকক মন্তব্য দিয়াৰ পৰা বিৰত থাকে৷ তাৰোপৰি, কাৰ্বি ছাত্ৰ সন্থা আৰু স্থানীয় প্ৰত্যক্ষদৰ্শী সংবাদকৰ্মীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যোৱা ১৭ তাৰিখৰ পৰা আজিলৈকে সীমান্ত অঞ্চলত শান্ত হোৱাৰ পৰিবৰ্তে উমি উমি জ্বলি থকা পৰিলক্ষিত হৈছে৷ এই ধৰণৰ সমস্যাৰ অন্যতম কাৰণ হৈছে অসমভূমিত থকা একাংশ খাছীলোকৰ ছত্ৰছায়া৷

যিসকলৰ দুমুখীয়া স্থিতিৰ বাবে আজিও সীমান্তত সংঘাত অব্যাহত আছে বুলি প্ৰকাশ কৰে কাৰ্বি ছাত্ৰ সন্থাই৷ অতিশীঘ্ৰে এইসকল লোকক চিনাক্ত তথা কৰায়ত্ত কৰি উপযুক্ত শাস্তি দিয়াৰো দাবী কৰে কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে৷ সমান্তৰালকৈ, কাৰ্বি পৰিষদৰ তৰফৰ পৰা আজিলৈকে কোনোধৰণৰ সীমান্ত সমস্যাৰ বিষয়ে হস্তক্ষেপ পৰিলক্ষিত নোহোৱাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ একইঞ্চি মাটিও মেঘালয়ক নিদিও বুলি কৰা মন্তব্যক ফুটুকাৰ ফেনত পৰিণত হৈছে বুলি প্ৰকাশ ছাত্ৰ সংগঠনটোৰ৷

এই মন্তব্য সম্পূৰ্ণৰূপে ৰাজনৈতিক মুনাফা আদায় কৰাৰ বাবে কৰা মন্তব্য আছিল বুলি তীব্ৰ ভাষাৰে ৰংহাঙক কটাক্ষ কৰে ছাত্ৰ সংগঠনটোৱে৷ উল্লেখযোগ্য যে আম-ইহ অঞ্চলৰ স্থানীয় ৰাইজৰ মনত আজিও মেঘালয় দুৰ্বৃত্তৰ পুনঃ আক্ৰমণৰ শংকা নাইকোৱা হোৱা নাই বুলি প্ৰকাশ কৰে৷

সেইবাবে সীমান্ত অঞ্চলত অধিক পৰিমাণে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে৷ সমান্তৰালকৈ বাতৰি লিখা পৰলৈকে অসম-মেঘালয়ৰ মাজত যোৱা এসপ্তাহ ধৰি যোগাযোগ ব্যৱস্থা ব্যাহত হোৱাৰ ফলত সীমান্তবাসী ৰাইজ ক্ৰমান্বয়ে বিভিন্ন ধৰণৰ সমস্যাৰ দিশে আগবাঢ়িছে বুলি জানিব পৰা গৈছে৷

Leave A Reply