Breaking

দেৰগাঁও আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি ! DSPৰ বিৰুদ্ধে নাবলিকা নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ…

0 62

দেৰগাঁও আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। বনকৰা কিশোৰীক নিৰ্যাতনক কেন্দ্ৰ কৰি উত্তেজনা।
DSPৰ বিৰুদ্ধে নাবলিকা নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ । দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ DSP কিৰণ নাথৰ বিৰুদ্ধে কিশোৰী নিৰ্যাতনৰ অভিযোগ। কিশোৰী গৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ উপৰিও যৌন আতিশয্য চলাই অহাৰ অভিযোগ পৰিয়ালৰ লোকৰ।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে দেৰগাঁও থানত এজাহাৰ দাখিল কৰিছে। দোষী আৰক্ষী জনক উচিত শাস্তিৰো দাবী কৰিছে পৰিয়ালৰ লোকে।ঘটনাক গাপ দিয়াৰ চেষ্টা আৰক্ষী বিষয়াৰ পত্নী-পুত্ৰৰ । নাবালিকাক ছোৱালী জনি সৰুৰে পৰা আৰক্ষী বিষয়া কিৰণ নাথৰ গৃহত বনকৰা ছোৱালী হিচাপে কৰ্মৰত আছিল। যোৱা কালি সন্ধ্যা বনকৰা ছোৱালী জনীৰ ঘৰত গৈ আৰক্ষী বিষয়া কিৰণ নাথে বিভিন্ন ভাবুকি দি পুনৰ কণমানি গৰাকীক নিজৰ গাড়ীত উঠাই যৌন

আতিশয্য চলোৱাৱ চেষ্টা কৰে। কিশোৰী গৰাকীয়ে পৰবৰ্তী সময়ত ঘটনাৰ সবিশেষ পিতৃ মাতৃক লগতে স্থানীয় ৰাইজক অৱগত কৰাৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে। পৰিয়ালৰ লোকে দেৰগাওঁ আৰক্ষী থানাত ঘটনাৰ সম্পৰ্কত অৱগত কৰিবলৈ অহাৰ সময়ত DSP কিৰণ নাথৰ পত্নীয়ে আৰক্ষীক ঘটনাটো অৱগত নকৰিবলৈ তনা আযোৰা কৰে আৰু হুলস্থুলীয়া পৰিবেশ সৃষ্টি হয়।

দিব্য জ্যোতি কাকতি, ৰঙামাটি

Leave A Reply