Breaking

দেৰগাঁৱৰ চোমনী আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি…

0 1,200

দেৰগাঁৱৰ চোমনী আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি । এগৰাকী যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি এই পৰস্থিতি । থানাৰ চৌহদত যুৱতীগৰাকীৰ মৃতদেহ থৈ ন্যায় বিচাৰি পৰিয়ালৰ লোকৰ লগতে গাওঁ বাসিৰ ক্ৰন্দন । দেৰগাঁও লুকুমাইৰ তৃষ্ণাই আত্মহত্যাৰ চেষ্টা কৰিছিল ৮দিনৰ পূৰ্বে ।

অৰ্ধমৃত অৱস্থাত যুৱতীগৰাকীক ভৰ্তি কৰা হৈছিল যোৰহাট চিকিৎসা মহাবিদ্যালয়ত । শুকুৰবাৰে মৃত্যু হয় যুৱতীগৰাকীৰ। যুৱতীগৰাকীৰ মোবাইলৰ মেচেজত উল্লেখ আছিল স্থানীয় নিবিৰ বৰা নামৰ এজন যুৱকে প্ৰতাৰণা কৰাৰ অভিযোগ।

নিবিৰ বৰাৰ বিৰুদ্ধে গোচৰ দিয়াৰ পাছতো আৰক্ষীয়ে অনুসন্ধান নকৰাৰ অভিযোগ। যোৰহাটৰ পৰা পোনে পোনে মৃতদেহ চোমনী আৰক্ষী চকীৰ চৌহদৰ ভিতৰত নমাই প্ৰতিবাদ ক্ষোভিত ৰাইজৰ ।উত্তপ্ত পৰিস্থিতি বৰ্তমান চোমনী আৰক্ষী চকীত। নিবিৰ বৰা বৰ্তমানো পলাতক ।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

Leave A Reply