Breaking

নগৰবেৰাৰ পথালিপাৰাত ভয়ানক দুৰ্ঘটনা ! নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী বাইকে খুন্দা মাৰে এডাল গছত…

0 16

নগৰবেৰাৰ পথালিপাৰাত ভয়ানক দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী বাইকে খুন্দা মাৰে এডাল গছত । গছত খুন্দিয়াই ৰাজপথতেই বহুপৰ পৰি ৰয় যুৱকদ্বয়, স্থানীয় লোকে বহুপৰ চকুৱে-মুখে পানী ছটিয়াই-ছটিয়াই থকাৰ বহুপৰ পাছত সম্বিত ঘুৰি আহে যুৱকদ্বয়ৰ ।

ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় আৰু দুয়োকো চিকিৎসালয়লৈ নিয়াৰ দিহা কৰে, আঘাতপ্ৰাপ্ত যুৱক দুজন ক্ৰমে আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত আলোপতিৰ চানিদুল ইছলাম(২৫) আৰু নিচানৰচৰ গাঁৱা বাহাৰুল ইছলাম(২৬) ।

বাহাৰুলৰ আঘাত গুৰুতৰ নহয় যদিও চানিদুল ইছলামৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে চাইচিতি জিএমচিএইচ’ লৈ যুৱকজনক প্ৰেৰণ কৰে ।

ইফালে আৰক্ষীয়ে বিধ্বস্ত বাজাজ চিডি ১০০ বাইকখন থানালৈ নিয়ে যদিও বাইকখনৰ পঞ্জীয়ন নম্বৰ দূৰৰে কথা আগে-পিছে নম্বৰপ্লেটেই নাই , উক্ত ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ প্ৰতিবেদন

Leave A Reply