Breaking

ভয়ংকৰ অগ্নিকাণ্ড; ৭ টা বাসগৃহৰ লগতে সকলো সা-সম্পত্তি ভস্মীভূত…

0 171

গোৱালপাৰা জিলাৰ দলগোমাৰ মামুদপুৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ড।

গাঁওখনৰ ছামাদ আলীৰ ঘৰত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ড।

বৈদ্যুতিক শ্বৰ্টছাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ কথা ব্যক্ত কৰিছে স্থানীয় লোকে ।

পুৱাৰ ভাগত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডত পৰিয়ালটোৰ ৭ টা বাসগৃহৰ লগতে সকলো সা-সম্পত্তি ভস্মীভূত হয়।

নগদ ৫০ হাজাৰ টকা, ৫০ মোন ধান, লক্ষাধিক টকাৰ আ-অলংকাৰ, নথিপত্ৰ সকলো জাহ যায় জুইত।

পৰিয়ালটোৱে জনোৱা মতে প্ৰায় ২০ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় অগ্নিকাণ্ডত।

ঘটনা সন্দৰ্ভত ইতিমধ্যে মাটিয়া আৰক্ষী থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে।

ইপিনে ছামাদ আলীৰ ঘৰলৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী যোৱাৰ সুবিধা নথকাত স্থানীয় ৰাইজে ছেলো পাম্পৰ পানীৰে অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত আতংকিত হৈ পৰে গাঁওবাসী।

-আবুল হুছেইন, নগৰবেৰা

Leave A Reply