Breaking

মালিবাৰী (শালমৰা)ত জলজলী নদীৰ খহনীয়াৰ ভয়ংকৰ ৰূপ : খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰিছে গাঁৱবাসীয়ে

0 1,080

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত মালিবাৰী (শালমৰা) ত জলজলী নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত চিন্তিত হৈ পৰিছে গঞাই । জলজলী নদীৰ শেহতীয়া খহনীয়াই অঞ্চলটোৰ প্ৰায় দুই শতাধিক পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে। যিকোনো মূহুৰ্তত বহু পৰিয়ালৰ ঘৰ জলজলী বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। বিগত প্ৰায় ১৫ বছৰ ধৰি জলজলী নদীৰ খহনীয়াই অঞ্চলটোৰ ত্ৰাসৰ সৃষ্টি কৰি অহাৰ পাছতো জলসম্পদ বিভাগৰ লগতে জিলা প্ৰশাসনে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাত বান আহিলেই শালমাৰা গাঁৱৰ দুই শতাধিক পৰিয়ালৰ চকুত টোপনি নোহোৱা হৈ পৰে। জলজলী নদীয়ে অনুসূচীত জাতি সম্প্ৰদায়ৰ লোকৰ বসতি পূৰ্ণ গাঁওখন ক্ৰমাৎ সংকুচিত কৰাৰ বিপৰীতে বৃদ্ধি হৈছে জলজলী প্ৰসাৰতা। বিগত সময়ছোৱাৰ খহনীয়াৰ ফলত কৃষিজীৱি গাঁৱ খনৰ লোক সকলৰ জাহ গৈছে বহু কৃষিভূমি। গাঁওখনৰ দুই শতাধিক পৰিয়ালে নিজৰ ঘৰ দুৱাৰ হেৰুওৱাৰ উপক্ৰম হৈছে যদিও গাঁৱবাসীৰ নূন্যতম খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় বিধায়ক নন্দিতা দাসৰ বিৰুদ্ধে। ইপিনে জলসম্পদ বিভাগ, জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়িকাই শালমাৰাত অব্যাহত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া নেদেখা জনক প্ৰাৰ্থনা কৰি খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰিছে। জলজলীৰ খহনীয়াৰ পৰা ৰক্ষা পাবলৈ গাঁওৰ একাংশ পুৰুষ মহিলাই নদীৰ পাৰত বহি ভগৱানক কাকূতি মিনতি কৰিছে। অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাক দাবী জনাইছে ভুক্তভোগী লোকে ।

Leave A Reply