Breaking

ভয়ংকৰ অমানৱীয় কাণ্ড

0 41

গুৱাহাটী

অসম বিধানসভাৰ পুৰণি বিধায়ক আৱাসৰ চৌহদত তিনিজোপা পুৰণি, অতি পুৰণি, হয়তো শতিকা গৰকা গছ আছিল। তাতে বগলী, কাউৰী, ছাইবৰীয়াৰ পৰা অহা চৰাই আদিয়ে বাহ বান্ধি থাকে। এতিয়া শতাধিক পোৱালী ওলাইছে। চালুকীয়া হৈ আছে। কৰ্তৃপক্ষই ঠিকাদাৰক বিক্ৰী কৰিছে গছকেইজোপা। ফলত বগলী, কাউৰী, হাইঠা, ছাইবেৰীয়া চৰাই আদিৰ বাহ ভাঙি ছিঙি চুৰমাৰ হৈছে। কৰ্তৃপক্ষ নিৰ্বিকাৰ। চৰাই পোৱালীবোৰ হত্যা কৰি হ’লেও গছ কাটি তহিলং কৰিবলৈ সাজু হৈছে। আছেনে কোনোবা সংবাদ মাধ্যম, প্ৰকৃতিপ্ৰেমী সংগঠন এই চৰাই পোৱালীবোৰৰ জীৱন বচাবলৈ, এয়া ৰাইজৰ আহ্বান৷

Leave A Reply