Breaking

বৰপথাৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা ! থিতাতে নিহত চাৰি জনকৈ লোক…

0 116

বৰপথাৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা

আজি পুৱা চাৰি মান বজাত বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত হলৌখুৱাৰ 39নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত চাৰি জনকৈ লোক।

ডিমাপুৰ পৰা গোলাঘাটৰ দিশে গৈ থকা Nl 04 C 3801 নম্বৰৰ জিপচি আৰু বোকাজান অভিমুখে গৈ থকা AS01FJ 4114 নম্বৰৰ থাৰৰ মাজত মুখা-মুখী সংঘৰ্ষ সংঘটিত হয়।

দুৰ্ঘটনাৰ ফলত জিপচিত অহা চাৰি জন লোক থিতাতে নিহত হোৱাৰ লগতে মহিন্দ্ৰা থৰ চলাই অহা আৰোহীজন গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়।

দুৰ্ঘটনা স্থলীত বৰপথাৰ আৰক্ষী উপস্থিত হৈ মৃত দেহ নিজৰ জিম্মাত লোৱাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে।

Leave A Reply