Breaking

বকোৰ বন্দাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

0 2,261

কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত  বন্দাপাৰাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাৰ বিৱৰনি মতে, গুৱাহাটী এখন ব্যক্তিগত নাৰ্চিং হোমৰ পৰা ৰোগীকলৈ ঘৰলৈ ওভতাৰ পথত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বন্দাপাৰাত কন্টেইনাৰ আৰু ৰোগী কঢ়িওৱা টাটা চুমোৰ মাজত মুখা মুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়াবহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত পতিত হোৱা চুমো খনৰ নম্বৰ হল AS 18 B 5774 কন্টেইনাৰ নম্বৰ  NL O1 AE 3394 জানিব পৰা মতে ঘটনাস্থলী নিহত ৰুকচানা আহমেদ নামৰ মহিলা এগৰাকী আৰু আহতো হয় কেইবাজনেও।গুৰুতৰ ভাৱে আহতসকলক ধুপধৰা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত চিকিৎসকে  চালক চামচুল আলম আৰু মাহমুদ আলম নামৰ দুজন লোকক মৃত ঘোষণা কৰে ৷ নিহত ৰুকচানা আহমেদৰ ঘৰ যোগীঘোপাৰ চলন্তপাৰা আনহাতে চামচুল আলম আৰু মাহমুদ আলমৰ ঘৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ লেজাম গাৱৰ বুলি জানিব পৰা গৈছে ৷ 

Leave A Reply