Breaking

কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণঃ নিহত সৈনিকৰ সংখ্যা পাঁচ জনলৈ বৃদ্ধি…

0 33

কাশ্মীৰত নিহত সৈনিকৰ সংখ্যা পাঁচ জনলৈ বৃদ্ধি পালে।বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰী জিলাৰ সীমান্তত সেনাৰ কনভয়ত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত আন এজন সৈনিক নিহত হৈছে। ইয়াৰ ফলত মৃত্যুৰ সংখ্যা পাঁচলৈ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে আবেলি প্ৰায় ৪.৪৫ বজাত ৰাজৌৰীৰ ডেৰা কি গালি অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে সেনাৰ এখন জীপ আৰু ৪৮ ৰাষ্ট্ৰীয় ৰাইফলছৰ এখন ট্ৰাকত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে। সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে সন্ত্ৰাসবাদীয়ে স্বয়ংক্ৰিয় ৰাইফল আৰু গ্ৰেনেড লঞ্চাৰ ব্যৱহাৰ কৰিছিল।

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সেনাৰ বাহনত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ ফলত কালিয়েই চাৰিজন সৈনিক শ্বহীদ হৈছিল । এই ঘটনাৰ পিছতে সেনাই সমগ্ৰ এলেকাটো ঘেৰিলৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে।

Leave A Reply