Breaking

গোলাঘাটত বনৰীয়া মহৰ সন্ত্ৰাস

0 64

গোলাঘাট

গোলাঘাট চহৰৰ দাঁতিকাষৰীয়া তৰফাট আহোম গাঁৱত এইবাৰ বনৰীয়া মহৰ সন্ত্ৰাস। মঙলবাৰে পুৱা প্ৰায় ৫ বজাত গাঁওবাসীয়ে প্ৰত্যক্ষ কৰে উদভ্ৰান্ত হৈ থকা এটা বনৰীয়া মহ। ভয়ত ত্ৰস্তমান গাঁওবাসীয়ে ততালিকে বন বিভাগক খবৰ দিয়ে যদিও বহু সময়ৰলৈকে বন বিভাগৰ কোনো লোক উপস্থিত হোৱা নাছিল গাঁওখনত। ফলত গাঁওবাসীয়ে দুৱাৰ-ঘৰ মাৰি ভিতৰতে সোমাই থাকিবলগীয়া এক অৱস্থা  হৈছিল। উল্লেখ্য যে কিছুদিন পূৰ্বে এই গাঁৱতে একাংশ লোকে এটা বাঘ মাৰি ভক্ষণ কৰিছিল। যিটো ঘটনাত পাঁচজনকৈ লোকক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতো বন বিভাগৰ কৰ্মী বহু পলমকৈ উপস্থিত হোৱা কাৰ্যত একপ্ৰকাৰ  ক্ষোভিত হৈ পৰিছিল গাওঁবাসী। অৱশ্যে পলমকৈ হ’লেও   বন বিভাগৰ লোক উপস্থিত হৈ  বনৰীয়া মহটোক ট্ৰেঙ্কুলাইজ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

Leave A Reply