Breaking

২২ বছৰ পূৰ্বে শ্ৰীলংকাক উপহাৰ হিচাপে দিয়া হাতী ঘূৰাই বিচাৰিছে থাইলেণ্ডে…

0 70

দেওবাৰে বিয়লি থাইলেণ্ডত উপস্থিত হয় ২৯ বছৰীয়া আৰু ৪০০০ কেজি ওজনৰ থাইলেণ্ডৰ হাতী সাক ছুৰিন, যাক মুথু ৰাজা বুলিও কোৱা হয়। থাইলেণ্ডৰ ৰাজ পৰিয়ালে ২০০১ চনত শ্ৰীলংকা চৰকাৰক সাক চুৰিনক উপহাৰ দিছিল।থাইলেণ্ড আৰু শ্ৰীলংকাৰ মাজত এটা হাতীক লৈ কূটনৈতিক বিবাদ। এই হাতীটো দুটা দশকৰ পূৰ্বে থাইলেণ্ডে শ্ৰীলংকাক উপহাৰ হিচাপে দিছিল যদিও হাতীটোক কৰা অসৎ আচৰণৰ বাবে পুনৰ লৈ যোৱা হৈছে হাতীটোক। শ্ৰীলংকাৰ এটা মন্দিৰত সাক চুৰিনক উপহাৰ দিয়া হৈছিল, য’ত ই নতুন নাম লাভ কৰে আৰু ধৰ্মীয় শোভাযাত্ৰাৰে সন্মান জনোৱা হৈছিল। পিছলৈ হাতীটোক নিৰ্যাতন আৰু অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰেলী ফৰ এনিমেল ৰাইটছ এণ্ড এনভাইৰনমেণ্টৰ এটা কৰ্মী সংগঠনে।

যোৱা বছৰ ৰেয়াৰে থাইলেণ্ড কৰ্তৃপক্ষক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছিল, সেই সময়লৈকে মুথু ৰাজা কাণ্ডে বিহাৰয়া মন্দিৰত বাস কৰিছিল। যোৱা নৱেম্বৰ মাহত মন্দিৰটোৱে হাতীটোক শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰাণীবিজ্ঞান উদ্যানলৈ স্থানান্তৰিত কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছিল।ৰেইৰে দাবী কৰে যে হাতীটোৰ ভৰিখন কাটি পেলোৱা হৈছিল আৰু ইয়াৰ ঘাঁ বহুদিনৰ পৰা আওকাণ কৰা হৈছিল। চিৰিয়াখানাৰ পশু চিকিৎসক মাদুছা পেৰেৰাই এএফপিক জনোৱা মতে, যোৱা বছৰ বৌদ্ধ মন্দিৰৰ পৰা উদ্ধাৰ কৰাৰ সময়ত মুথু ৰাজা বিষত ভুগিছিল। শ্ৰীলংকাত হাতীক পবিত্ৰ বুলি গণ্য কৰা হয় আৰু আইনৰ দ্বাৰাও সুৰক্ষিত। কিন্তু মুথু ৰাজা মন্দিৰৰ পৰা আঁতৰি যোৱাত অসন্তুষ্টি প্ৰকাশ কৰি ৰেয়াৰে কয় যে জন্তুটোক অৱহেলা কৰাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে গোচৰ চলাব লাগে।

অৱশেষত ৭ লাখ ডলাৰ খৰচেৰে বিমানেৰে থাইলেণ্ডলৈ লৈ যায় মুথু ৰাজাক।

শ্ৰীলংকা চৰকাৰৰ আগত মুথু ৰাজাৰ স্বাস্থ্যৰ বিষয়টো উত্থাপন কৰাত ব্যৰ্থ হোৱাৰ বাবে থাইলেণ্ড চৰকাৰৰ কাষ চাপিবলগীয়া হৈছে। এই গোটটোৱে লগতে কয় যে শ্ৰীলংকাৰ বন্যপ্ৰাণী কৰ্তৃপক্ষই সময়মতে হস্তক্ষেপ নকৰাৰ বাবেই দেশখনক বদনাম কৰা হৈছে।

Leave A Reply