Breaking

থাওৰাৰ স্বাভিমানী ভোটাৰে বিশ্বাসঘাতক সুশান্তক উচিত শিক্ষা দিব

0 2,016

থাওৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৰ্য্য কোঁৱৰে ৫২০০০ভোট পাব৷সুশান্তই পাৱ ৪৫০০০-৪৭০০০ভোট৷পিযুষ হাজৰিকা ড° হিমন্তবিশ্ব শৰ্মা বাদ দিয়ক নৰেন্দ্ৰ মোদী আহিলেও বিশ্বাসঘাতক সুশান্ত বৰগোহাঁই থাওৰাৰ পৰা জয়ী হব নোৱাৰে৷থাওৰাৰ উপনিৰ্বাচনত এতিয়া দুটাই পক্ষ৷এটা পক্ষত আছে বিশ্বাসঘাতক নেতা সুশান্ত বৰগোহাঁই তেওঁক টিকট দিয়া বিজেপি ভোট বিভাজনৰ বাবে প্ৰাৰ্থীদি বিজেপিৰ বি টীমত পৰিনত হোৱা কংগ্ৰেছ কমিউনিষ্ট আৰু লগতে বিজেপি চৰকাৰৰ দান বৰঙনিৰে চলি থকা নিজৰ নীতি আদৰ্শ বিবেক বিক্ৰী কৰা জাতীয় সংগঠনৰ নেতা আৰু আনটো পক্ষত আছে থাওৰাৰ স্বাভিমানী ভোটাৰ অখিল গগৈ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী ধৰ্য্য কোঁৱৰ৷গতিকে থাওৰাৰ উপনিৰ্বাচন সুশান্ত বৰগোহাঁই বনাম থাওৰাৰ স্বাভিমানী ভোটাৰৰ যুঁজ যত থাওৰাৰ ৰাইজে সুশান্ত বৰগোহাঁইক পৰাজিত কৰিবৰ বাবে নিজৰ সেনাপতি ৰূপে ধৰ্য্য কোঁৱৰক আদৰি লৈছে৷-এই মন্তব্য ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীৰ৷ ৰাইজৰ দলৰ নেতাগৰাকীৰ স্পষ্ট ভাষ্য উপনিৰ্বাচনৰ পাছত উজনি অসমত কংগ্ৰেছ বুলি কোনো দল নাথাকিব৷ৰূপজ্যোতি কূৰ্মী সুশান্ত বৰগোহাঁইৰ দৰে বহু কংগ্ৰেছত থকা বিজেপিৰ এজেণ্টে আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰিব৷মাজুলীৰ লগতে তিতাবৰ আৰু যোৰহাটো আকৌ উপনিৰ্বাচন অনুষ্ঠিত হব৷কাৰন হিতেন গোস্বামীক ৰাজ্যপাল কৰি কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি ৰানা গোস্বামীক বিজেপিয়ে যোৰহাটৰ বিধায়ক পতাৰ পৰিকল্পনাৰ খৱৰ যোৰহাটত বিয়পি পৰিছে৷তিতাবৰৰ কংগ্ৰেছৰ বিধায়ক ভাস্কৰ বৰুৱাও সন্দেহৰ আৱৰ্তত৷এইবোৰ আমি কৰা অভিযোগ নহয় ৰাইজৰ মাজত চলি থকা চৰ্চা৷যদি কংগ্ৰেছৰ শীৰ্ষ নেতা সকলেই এজনৰ পাছত আনজন বিজেপিত যোগ দিব বুলি চৰ্চালৈ আহিছে তাৰ পাছত বিজেপিৰ বিৰোধিতাৰ নামত কংগ্ৰেছক ভোট দি ভোট নষ্ট কৰাৰ জানো যুক্তি আছে?গতিকে থাওৰা  ভোটাৰে এইবাৰ বিজেপিক পৰাজিত কৰিবৰ বাবে ৰাইজৰ দলক ভোট দিব আৰু থাওৰাত ৰাইজৰ দলৰ উত্থান দেখি বিজেপি কংগ্ৰেছ দুয়োটা দলেই ৰাইজৰ দল আৰু অখিল গগৈক টাৰ্গেট কৰি লৈছে৷অখিল গগৈক তেওঁৰে একাংশ প্ৰাক্তন সতীৰ্থই সমালোচনা কৰা আৰু ধৰ্য্য কোঁৱৰক ভোট নিদিবৰ বাবে সংবাদমেল কৰি আহ্বান জনোৱাৰ সন্দৰ্ভত সুধা এক প্ৰশ্নৰ উত্তৰত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে কয় অখিল গগৈৰ নেতৃত্বকলৈ যদি তেওঁলোকৰ কিবা মত পাৰ্থক্য আছিল সেয়া দলৰ মজিয়াত আলোচনা কৰিব লাগিছিল৷তাকে  নকৰি দল ত্যাগ কৰি বিজেপি কংগ্ৰেছৰ শ্ৰুতলিপি মতে ৰাইজৰ দলৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি থকা  সকলক অসমৰ ৰাইজে বিশ্বাস নকৰে৷তেওঁলোকৰ  কাম কাজে প্ৰমান কৰে তেওঁলোকক বিজেপি কংগ্ৰেছৰ কোনো নেতাই কাহিনী চিত্ৰনাট্য সংলাপ লিখি দিছে আৰু তেওঁলোকে সংবাদমেল কৰি নিজৰ চৰিত্ৰসমূহ ৰূপায়ন কৰিছে৷এওঁলোক আৰু নেতাহৈ থকা নাই পেশাদাৰী অভিনেতাত পৰিনত হৈছে৷থাওৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৰ্য্য কোঁৱৰৰ জয় নিশ্চিত বাবেই  পৰাজয়ৰ আশংকাত বিজেপি কংগ্ৰেছে ৰাইজৰ দলৰ বিৰুদ্ধে উদ্দেশ্যপ্ৰণোদিত অপপ্ৰচাৰ আৰম্ভ কৰিছে যি থাওৰাত ৰাইজৰ দলৰ বিশ্বাসযোগ্যতা প্ৰাসংগিকতা ভোটাৰৰ মাজত বৃদ্ধিহে কৰিছে৷বিজেপি কংগ্ৰেছ আৰু বিক্ৰী হোবা একাংশ নেতাই ৰাইজৰ দল আৰু অখিল গগৈক যিমানে গালি গালাজ পাৰিছে অপমান কৰিছে সিমানে থাওৰাৰ ভোটাৰে ৰাইজৰ দলক আদৰি লৈছে৷আশীৰ্বাদ দিছে৷ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে সুশান্ত বৰগোহাঁইৰ পৰাজয় আশংকাত ড°হিমন্তবিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সমগ্ৰ কেবিনেট আৰু ৩০জনৰো অধিক বিজেপিৰ বিধায়কে সমষ্টিটোত এজন অখিল গগৈক বাধা দিবৰ বাবে জপিয়াই পৰিব লগা ঘটনাই প্ৰমান কৰে যে সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৰ্য্য কোঁৱৰ জয়ী হব বুলি বিজেপি দলটো শংকিতহৈ পৰিছে৷পিযুষ হাজৰিকাই এমাহ ধৰি থাওৰাত ঘুৰি ফুৰি এটা কথাই বুজি পাইছে সুবিধাবাদী বিশ্বাসঘাতক সুশান্ত বৰগোহাঁইক জিকাই নিয়াটো তেওঁৰ বাবে সম্ভৱ নহয় যাৰ বাবে মুখ্যমন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মাই এতিয়া থাওৰা সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে মিটিং কৰিব লগা হৈছে৷কিন্তু ড°হিমন্তবিশ্ব শৰ্মায়ো সুশান্ত বৰগোহাঁইক জয়ী কৰিব নোৱাৰে৷উপনিৰ্বাচনত থাওৰাত গল খাব বিজেপিয়ে৷ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে সাংবাদিকক কয় উপনিৰ্বাচনত যদি বিজেপি মিত্ৰজোঁট জিকে তেন্তে গণতন্ত্ৰৰ প্ৰতি ই ভাবুকিৰ সৃষ্টি কৰিব৷জনতাৰ ভোট অৰ্থহীন হৈ পৰিব ৷ ক্ষমতাত যিটো দলেই থাকে সেই দলটোৱেই বিৰোধী বিধায়কক নিজৰ দললৈ নি বাৰে বাৰে উপনিৰ্বাচন অনুষ্ঠিত কৰাৰ এক অশুভ পৰম্পৰাৰ সূচনা কৰিব৷গতিকে থাওৰাত সুশান্ত বৰগোহাঁইৰ পৰাজয়ে অসমত গণতন্ত্ৰক জীয়াই ৰাখিব   আৰু গণতন্ত্ৰৰক্ষাৰ দায়িত্ব এইবাৰ থাওৰা সমষ্টিৰ স্বাভিমানী ভোটাৰে লৈ ধৰ্য্য কোঁৱৰক জয়ী কৰি অসমত আঞ্চলিকতাবাদ শক্তিশালী কৰি বিজেপিৰ পতনৰ বাট মুকলি কৰি দিব৷অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মাই দল বাগৰা ৰাজনীতিক উৎসাহিত কৰি ৰাজ্যৰ ৰাজনীতিত আৰম্ভ কৰা অশুভ পৰম্পৰা বন্ধ কৰিবৰ বাবেই থাওৰাৰ ভোটাৰে বিজেপিৰ পৰাজয় নিশ্চিত কৰি সমষ্টিটোৰ পৰা ৰাইজৰ দলক জয়ী কৰি ৰাজনৈতিক ইতিহাস লিখিব বুলিও ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে দাবী কৰে৷গোস্বামীয়ে লগতে কয় উপনিৰ্বাচনে বহু তথা কথিত নেতাৰ সুবিধাবাদী চৰিত্ৰ উদঙাই দিছে৷অসম৷আৰু অসমীয়াৰ স্বাৰ্থৰক্ষাৰ শ্লোগানদি দম্ভালি মাৰি ফুৰা বহু নেতাই যে বিজেপিৰ হাতত বিক্ৰী হৈছে সেই কথা উপনিৰ্বাচনত বিজেপিৰ বিৰোধিতাৰ নাটক কৰা বহু নেতাৰ মৌনতাই স্পষ্ট কৰি দিছে৷জাতীয় সংগঠন বুলি দাবী কৰা একাংশ নেতাই অসমৰ জাতীয় সমস্যা সমূহৰ সন্দৰ্ভত ৰহষ্যজনক ভাবে নীৰৱে আছে৷যি সময়ত ড°হিমন্তবিশ্ব শৰ্মাই এটাৰ পাছত আনটো নিৰ্ৰবাচনী প্ৰতিশ্ৰুতি ভংগ কৰিছে৷যি সময়ত মূল্যবৃদ্ধিৰ বাবে ৰাইজে হাহাকাৰ কৰিছে সেইসময়ত একাংশ তথাকথিত নেতাই মুখ্যমন্ত্ৰীৰ লগত ছেলফি উঠি নিশা গোপনে লগ কৰি ঠিকা ঠুকুলি লৈ অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰা দেখা গৈছে আৰু এই বিক্ৰী হোৱা নেতা সকলৰ বোকোচাত উঠি বিজেপিয়ে উপনিৰ্বাচনত জয়ী হোৱাৰ অংক কৰিছে কিন্তু মৰিয়নি আৰু থাওৰাৰ ভোটাৰে এই জাতিদ্ৰোহী শক্তি সমূহক ইতিমধ্যে চিনাক্ত কৰিছে৷

Leave A Reply