Breaking

এনেকৈয়ে আহে আধুনিকতা…

0 23

সজীৱ জাতি বা সমাজৰ এক এক অবিচ্ছেদ্য অঙ্গ হ’ল গতিশীলতা। এই গতিশীলতাইহে মানুহক শ্ৰেষ্ঠ সামাজিক প্ৰাণী ৰূপে চিনাকি দি শ্ৰেষ্ঠতাৰ আসন দখল কৰাত অৰিহণা যোগাইছে। এই গতিশীলতা সমাজ বা ব্যক্তিয়ে হেৰুৱাব লগা হ’লেই ই জড় হৈ পৰে। ইতিবাচক গতিশীলতাই নিশ্চিতভাৱে সমাজখনক সভ্যতাৰ সোপান বগুৱাত প্ৰেৰণা যোগাই আহিছে। কেতবোৰ নতুন সংস্কৃতিৰ আগমনতেই হওঁক বা ব্যক্তিৰ স্বাৰ্থ সিদ্ধিৰ বাবেই হওঁক বৰ্তমানৰ সমাজ ব্যৱস্থা কোঙা। অৱহেলিত হৈ পৰা সামাজিক ৰীতি-নীতি, সংস্কৃতি তথা মানবীয় প্ৰমূল্য বোধৰ অভাৱৰ উৎকৃষ্ট নিদৰ্শন দেখা যায় অসমৰ প্ৰায়বোৰ গাওঁ অঞ্চলত, যি সমূহে আধুনিকতাৰ চাদৰ পিন্ধি সভ্যতাৰ আলিদোমোজাত থমকিব লগা হৈছে।

           উদং ভৰিৰে বোকা ফেনেকি হাল বাই থকা দেউতাকক কোমল চাউলৰ জলপান কেইটা দিয়া আৰু সন্তানৰ দাবী মানি দেউতাকে সন্তানৰ হাতত নাঙলৰ মুঠি ধৰাই দৃশ্যটো এতিয়া বহু পুৰণি এলবামত ওলমি থকা যেন এখন ফটোলৈ পৰিবৰ্তিত হ’ল। আজিৰ প্ৰজন্মৰ কেঁচা মাটিৰ প্ৰতি থকা অনীহাই দুচকু সেমেকাই তোলে। অভিভাৱক সকলেও বোধহয় জীনচৰ পেণ্ট, ভৰিত বোকা লাগিব বুলি কেঁচা গোন্ধটোৰ লগত চিনাকি হোৱাৰ সুযোগেই দিয়া নাই। এইয়াই নেকি ন সংস্কৃতি? পথাৰৰ প্ৰাকৃতিক পৰিৱেশত দেউতাৰ লগত আলিতে বহি এচামুচ জলপান খোৱাৰ ভাগ্য হয়তো বহুতৰ হোৱা নাই। সেই মাদকতাই সুকীয়া। ভাদ, আহিন মাহৰ আবেলিবোৰত পানীত আধা ডুব গৈ থকা ধাননী ডৰাৰ পৰা বৰশীৰে কাৱৈ, শিঙি, মাগুৰ মাছেৰে খালৈ পুৰোৱা দৃশ্য বৰ্তমান গাওঁবোৰৰ পৰা বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে (অৱশ্যে আগৰ তুলনাত এই ধৰণৰ মাছৰ সংখ্যাও যথেষ্ট হ্ৰাস পাইছে)। যাৰ পৰিৱৰ্তে আজিৰ দিনত গাঁৱৰ মানুহৰ কেৰাহীত ঠাই পাইছে বিষাক্ত ফৰ্মেলিনযুক্ত কানপুৰ, অন্ধ্ৰপ্ৰদেশৰ চালানী মাছে। কোৱা বাহুল্য যে, বৰ্তমানৰ কণ কণ ল’ৰা ছোৱালীৰ বহুতেই বোধহয় থলুৱা মাছৰ সোৱাদেই লৈ পোৱা নাই। তেওঁলোকৰ জিভাৰ জুতি চালানী মাছ, ব্ৰইলাৰ মাংস, মম’, চিকেন ৰল,মেগী এইবোৰতে সীমাবদ্ধ।

         সততে শুনা যায় গাঁৱৰ মানুহ কৰ্মী, স্বাস্থ্যৱান; আনহে নালাগে গাৱলীয়া বুলি গৰ্ব কৰিব পৰা ‘মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰা লোক’ বোলা কথাষাৰত। অতীত হৈ যাব খোজা এনে ভাৱধাৰাৰ সুন্দৰ প্ৰতিফলন ঘটে হাজিৰা বা আধিয়াৰে নিজৰ খেতি মাটিকণৰ পৰা ধান লৈ যোৱাৰ সময়ত ! মৰাপাট বখলিওৱাৰ সময়ত! আনহে নালাগে আজিৰ গঞাই নিজৰ বলধ হালেৰে নিজৰেই মাটিখিনি হাল বোৱাৰ সলনি যদি পইচা খৰচ কৰি ট্ৰেক্টৰৰ ফাল পথাৰত নমাইছে। কোনোবাই মাটি চহাব, কোনোবাই মাটি ৰুই যাব আৰু কোনোবাই কাটি মৰণা মাৰি ধান কেইমোন মান দি যোৱাতেই আমি এতিয়া সন্তুষ্টি লাভ কৰিবলৈ বাধ্য হৈছো। হয়তো এইয়াই আধুনিকতা! 

       মনত পৰে বিদ্যালয়ৰ পৰা উভতি আহি থাকোতেই লগৰ বন্ধুৰ লগত কৰা আবেলি সময়ৰ পৰিকল্পনাৰ কথা, যিয়ে পূৰ্ণ ৰূপ পায় মুখত কিবা এটা গুজিয়েই খেলপথাৰলৈ ঢপলিওৱাৰ সময়ত। মূল খেলপথাৰত ইমানবোৰ অগ্ৰজে ফুটবল, ভলীবল,ক্ৰিকেট আদি খেলি থাকে যে আমি অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰায় নাথাকেই। ক্ৰমাৎ বয়সৰ তাগিদাত/চাকৰিৰ তাগিদাত অগ্ৰজ বহুতেই খেলপথাৰলৈ পিঠি দিয়াত আমি খেলিবলৈ সুযোগ পোৱা সেই পথাৰ খনত কিন্তু লাহে লাহে অনুজ সকলৰ অভাৱ ঘটিল আৰু সেয়ে বোধকৰোঁ ভৰিৰ গছকত বন গজিবলৈ সুবিধা নোপোৱা পথাৰখন এতিয়া আঁঠুলৈকে পৰা কোৰশলা বনেৰে ভৰা। তথাপিও গাঁৱৰ সমাজ গতিশীল। ন ন সংস্কৃতি তথা আধুনিকতাৰ কৱলত পৰি ই প্ৰকৃততে কিমান উন্নতিৰ জখলা বগাইছে ক্ষন্তেক ৰৈ ভাবিলেই উত্তৰ ওলাব। বৰ্তমানৰ প্ৰতিযোগিতাৰ পৃথিৱীত খাবলৈ, শুবলৈ কাৰো আহৰি নাই। তাৰ মাজতে আজিৰ শিশুৱে খেলাৰ বাবে সময় উলিয়াব পৰাটো অতি কঠিন। কিন্তু আমি মনত ৰখা উচিত খেলা-ধুলাই মানসিক উৎকৰ্ষ সাধন, মিলা-প্ৰীতি আদিৰ লগতে সু স্বাস্থ্য গঢ়াত যথেষ্ট সহায় কৰে। সেয়ে আজিৰ অভিভাৱকে অলপ সময় হ’লেও ল’ৰা ছোৱালীয়ে Facebook, WhatsApp, ৰিলছ বনোৱা আদিত সময় দিয়াতকৈ বিভিন্ন ধৰণৰ শাৰীৰিক শ্ৰম, খেল ধেমালিত যাতে সময় দিয়ে এই ক্ষেত্ৰত সজাগ হবৰ হ’ল। আধুনিকতাৰ পোছাক ইতিমধ্যেই পিন্ধা গঞা বহুতৰ মনত আধুনিকতা প্ৰদৰ্শন কৰা পোকটোৱে গোঁজ পুতি থিতাপি লৈছে। এই আধুনিকতা পিপাসু মনৰ যেন সুন্দৰ প্ৰতিফলন ঘটে অসমীয়া মাধ্যমৰ গাঁৱৰ বিদ্যালয় খনিত নিজ সন্তানক নামভৰ্তি কৰোৱাৰ পৰিৱৰ্তে চহৰৰ ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় খনিত নামভৰ্তি কৰোৱা সময়ত, বাইক, স্কুটি লৈ নিজ সন্তানক বিদ্যালয়ৰ পৰা আনি থকাৰ সময়ত। পুৱা শোৱাৰ পৰা উঠি আৰু আবেলি স্কুল-কলেজৰ পৰা আহি মটৰ চাইকেলখন লৈ টিউচনলৈ ওলাই যোৱাকেই আজিৰ অভিভাৱকে আধুনিক বুলি ভাবে। কিন্তু চহৰ মুখী হৈ মুক্ত হৈ পৰা নিজ সন্তানৰ খবৰ তেওঁলোকে কিমান ৰাখিছে?

        বৰ্তমানৰ প্ৰতিযোগিতাৰ পৃথিৱীত এয়াই কাম্য যদিও আমি এটা কথাৰ প্ৰতি দৃষ্টি ৰখা উচিত যে ন ন সংস্কৃতিৰ আগমনত যাতে আমি বিশ্ব খ্যাত অসমীয়া সংস্কৃতিক পাহৰি নাযাওঁ বা অৱহেলা নকৰোঁ। গাঁৱতহে বৰ্তমানেও প্ৰকৃত অসমীয়া সংস্কৃতি প্ৰবাহমান হৈ আছে আৰু ভৱিষ্যতেও থাকিব যদি অসমীয়াই নিজকে চিনো। মোৰ ব্যক্তিগত অনুভৱ, গাঁৱৰ ল’ৰা-ছোৱালী আন ঠাইৰ ল’ৰা-ছোৱালীতকৈ কোনোগুণে পিছপৰা নহয়। মাথোঁ তেওঁলোকে থলুৱা কেঁচা মাটিৰ গোন্ধৰে আপ্লুত হৈ জীৱনটোক আগুৱাই নিয়ক। বৰ্তমানেও অসম তথা ভাৰতবৰ্ষৰ খেলা ধূলা কিম্বা বিভিন্ন উচ্চপদস্থ বিষয়া সকলৰ অতীত কিন্তু গাঁৱৰ লগতেই সংপৃক্ত। গতিকে অনুৰোধ দৰকাৰী সংস্কৃতি, দৰকাৰী আধুনিকতাক অসমীয়াই আপোন কৰি অদৰকাৰী বোৰক বিসৰ্জন দিয়াৰ সময় সমাগত।

 

লেখকঃ দ্বীপজ্যোতি বৰা

Leave A Reply