Breaking

বিপদ আহে এনেদৰেও ! ৰেফ্ৰিজেৰেটৰৰ কম্প্ৰেচাৰ বিস্ফোৰণ ঘটি জলন্ধৰত একেটা পৰিয়ালৰ পাঁচজনৰ মৃত্যু…

0 99

বিপদ আহে এনেদৰেও…ৰেফ্ৰিজেৰেটৰৰ কম্প্ৰেচাৰ বিস্ফোৰণ ঘটি জলন্ধৰত একেটা পৰিয়ালৰ পাঁচজনৰ মৃত্যু

বিপদ আহে এনেদৰেও…।ঘৰৰ ৰেফ্ৰিজেৰেটৰটোৱেও কেতিয়াবা বিপদ ঘটাব পাৰে। ৰেফ্ৰিজেৰেটৰ কম্প্ৰেচাৰ বিস্ফোৰণ ঘটি একেটা পৰিয়ালৰ পাঁচজন সদস্যৰ মৃত্যু হৈছে। ঘৰৰ ভিতৰত থকা ৰেফ্ৰিজেৰেটৰ কম্প্ৰেচাৰটো হঠাতে শব্দ কৰি বিস্ফোৰিত হৈছিল। । এই শোকাৱহ ঘটনাটো পঞ্জাৱৰ জলন্ধৰত সংঘটিত হৈছে। বাতৰি অনুসৰি ফ্ৰিজটো বিস্ফোৰণ ঘটাৰ পিছতে গোটেই ঘৰটোত জুই লাগিছিল। ফলত তাত থকা তাত পাঁচজন লোকৰ মৃত্যু ঘটে । কেনেকৈ এনে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে সেই বিষয়ত আৰক্ষীয়ে অনুসন্ধান কৰি আছে।

ঘটনাটো দেওবাৰে নিশা সংঘটিত হৈছে। জলন্ধৰৰ অৱতাৰ নগৰ অঞ্চলৰ এটা ঘৰত ৰেফ্ৰিজেৰেটৰ কম্প্ৰেচাৰ বিস্ফোৰিত হয়। ৭০ বছৰীয়া যশপাল ঘাই আৰু ৪০ বছৰীয়া ৰুচি ঘাই সেই সময়ত ঘৰত আছিল। ইয়াৰ উপৰি ঘটনাটোৰ সময়ত ১৪, ১২ আৰু ১০ বছৰ বয়সৰ তিনিগৰাকী শিশু- কিশোৰো ঘৰত আছিল। হঠাতে ফ্ৰিজত থকা কম্প্ৰেচাৰটো ফাটি যোৱাৰ পিছতে গোটেই ঘৰটোত জুই লাগে। জুই লগাৰ খবৰ পোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ।

ঘৰৰ ভিতৰৰ পৰা পাঁচজন লোকক উদ্ধাৰ কৰি তেওঁলোকক এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ’ল। চিকিৎসালয়তে সময়ত পাঁচোজন লোকৰ মৃত্যু ঘটে। জলন্ধৰ আৰক্ষীৰ লগতে ফৰেনচিক দলে ফ্ৰিজৰ কম্প্ৰেচাৰটো কেনেকৈ ফাটিছিল আৰু তাৰ পৰা জুই কেনেকৈ বিয়পিছিল জানিবলৈ নমুনা সংগ্ৰহ কৰি আছে।

জলন্ধৰৰ অতিৰিক্ত উপায়ুক্তই কয়, “এটা ঘৰত বিস্ফোৰণৰ খবৰ পোৱাৰ পিছত আমি ঘটনাস্থলীত উপস্থিত হৈছিলো। অৱশ্যে, আমি বিস্ফোৰণৰ কাৰণ অনুসন্ধান কৰি আছো। এটা বিশেষ ফৰেনচিক দলে ইতিমধ্যে নমুনা সংগ্ৰহ কৰা আৰম্ভ কৰিছে। “

Leave A Reply