Breaking

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ উত্তীৰ্ণ হাৰে ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ কঢ়িয়াই আনিলে আনন্দৰ বন্যা…

0 366

দৈন্যতাৰ বাধা নেওচি কলা শাখাত সৰ্বাধিক ৮৯.২০ শতাংশৰে জিলিকি উঠিল ভীবিকা দাস, ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত অৱতীৰ্ণ হোৱা ১৩১ জন ছাত্ৰ-ছাত্ৰীৰ ১০০ শতাংশই উত্তীৰ্ণ হৈ ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে সমগ্ৰ ঢলপুৰ অঞ্চললৈ কঢ়িয়াই আনিছে শিক্ষাৰ ক্ষেত্ৰত অন্য এক আলোড়ন। মুঠ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত প্ৰথম বিভাগত ৬১ জন ইয়াৰে ভিতৰত ১৭ জন ষ্টাৰ নম্বৰ সহ, ৫১ জন দ্বিতীয় বিভাগত আৰু ২ জন তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সৰ্বাধিক ৮৯.২০ শতাংশ লাভ কৰা মেধাবী ছাত্ৰী ভীবিকা দাসে নিজৰ লগতে ঘৰৰ পোহ পাল দিবলৈ সপ্তাহৰ প্ৰতি দেওবাৰে মাক দেউতাকৰ লগত বাঁহৰ বেতৰ সঁজুলি প্ৰস্তুতকৰণত ব্যস্ত থাকে।

আত্মবিশ্বাস, কঠোৰ অধ্যয়নৰ আৰু দৃঢ় মনোবলৰ অধিকাৰী ভীবিকা দাসে পুনৰ মানৱ সমাজৰ ইতিহাসত প্ৰমাণ কৰি দেখুৱালে যে লক্ষ্য স্থিৰ আৰু একাগ্ৰচিত্ৰে অধ্যয়ন কৰিলে পৰীক্ষাত উপযুক্ত নম্বৰ লাভ কৰিব পাৰি। ইংৰাজীত ৮৪, অসমীয়া ৮৬, শিক্ষাত ৯৪, ৰাজনীতি বিজ্ঞানত ৯৩, স্বদেশ অধ্যয়নত ৮৯ আৰু ঐচ্ছিক হিন্দীত ৭৭ নম্বৰ লাভ কৰা ভীবিকা দাসে ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে।

আর্থিকভাৱে দৰিদ্ৰ ছাত্ৰী গৰাকীক বিদ্যালয়ৰ অধ্যক্ষ সত্যৰঞ্জন বৰা, উপাধ্যক্ষ ৰিপুল দত্ত, বিষয় শিক্ষক চুনীল দলে আৰু মণ্ডল কেন্দ্ৰ সমন্বয়ক শ্ৰীমন্ত হাজৰিকাই ছাত্ৰী গৰাকীৰ ঘৰত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে। ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সামগ্ৰিক ফলাফল আৰু দৈন্যতাৰ বাধা নেওচি বিদ্যালয়ৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰা ভীবিকা দাসৰ ফলাফলত সমগ্ৰ ঢলপুৰ মৌজাৰ শৈক্ষিক মহললৈ কঢ়িয়াই আনিলে আনন্দৰ বন্যা।

Leave A Reply