Breaking

১৫৩ সংখ্যক গান্ধী জয়ন্তী নাজিৰা জিলা মুক্তি যুঁজাৰু সন্মিলনৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়

0 554

১৫৩ সংখ্যক গান্ধী জয়ন্তী নাজিৰা জিলা মুক্তি যুঁজাৰু সন্মিলনৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়। নাজিৰা জিলা মুক্তি যুঁজাৰু সন্মিলনৰ সভাপতি হলিৰাম দুৱৰাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে। কাৰ্যকৰী সভাপতি হেমন্ত ৰাজখোৱা, সাধাৰণ সম্পাদক পুতুল শৰ্মা, সঞ্জীৱ গগৈ, নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি শৈলেন্দ্ৰ কলিতা আদিয়েও গান্ধীৰ প্ৰতিচ্ছবিত পুষ্পাৰ্পণ কৰে।

গান্ধীৰ অহিংস জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰে নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক ড° জীৱন কলিতাই। সভাত মুক্তি যুঁজাৰুসকলৰ একোখনকৈ প্ৰতিচ্ছবি সংগ্ৰহ কৰি মুক্তি যুঁজাৰু সন্মিলনীৰ কাৰ্যালয়ত আঁৰি থোৱাৰ এটি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। লগতে তেখেতসকলৰ অভাৱ অভিযোগ সন্দৰ্ভত যোৰহাট লোকসভাৰ মাননীয় সাংসদক লগ কৰাৰো প্ৰস্তাৱ লোৱা হয়।


নাজিৰাৰ পৰা দিলীপ হাজৰিকা প্ৰতিবেদন

Leave A Reply