Breaking

পশ্চিম নলবাৰীৰ ঐতিহ্যমণ্ডিত নতুন খেলুৱা কালী মন্দিৰত পঞ্চদশ বাৰ্ষিক কালী পূজা আৰু সভা মহোৎসৱত ভক্তৰ ভীৰ

0 53

পশ্চিম নলবাৰীৰ নতুন খেলুৱা কালী মন্দিৰ প্ৰাঙ্গণত সোমবাৰৰ পৰা পাচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে পঞ্চদশ বাৰ্ষিক শ্ৰী শ্ৰী কালি পূজা সভা মহোৎসৱ।

বুধবাৰে তৃতীয় দিনাও প্ৰতিকূল বতৰকো নেওচি নিশা যথেষ্ট সংখ্যক ভক্তৰ সমাগম হয়। উক্ত পূজাত প্ৰতি বছৰে ভক্তই আগবঢ়োৱা কেইবা শতাধিক ছাগলী, পাৰ, হাঁহ, কোমোৰা বলি-উচৰ্গা কৰা হয়।

কালী পূজা উপলক্ষে প্ৰতিদিনে নাম-প্ৰসংগ, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, আয়তিৰ নাম, ওজাপালি প্ৰদৰ্শন,পানী তোলন পৰ্ব, মহিলাৰ দিহানাম ,নাগাৰা নাম পৰিৱেশন, নৃত্য প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান, যাত্ৰাপাৰ্টীৰ দ্বাৰা নাট প্ৰদৰ্শন আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়।

এই পূজা খন আৰম্ভ কৰাৰ পিছৰে পৰা অঞ্চল টোৰ ৰাইজৰ দোপদ দোপে উন্নতি হোৱাৰ লোকবিশ্বাস আছে বাবে অঞ্চল টোৰ লোকসকল য’তেই নাথাকিলেও পূজা খনত উপস্থিত হয়।

উল্লেখ্য যে ২৪ মাৰ্চত সামৰণি পৰিব এই নতুন খেলুৱা পঞ্চদশ বাৰ্ষিক শ্ৰী শ্ৰী কালি পূজা আৰু সভা মহোৎসৱ।

পূজা মহোৎসৱকলৈ সমগ্ৰ অঞ্চলটোতে এক উৎসৰ মুখৰ পৰিৱেশে বিৰাজ কৰিছে।

Leave A Reply