Breaking

টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ ষষ্ঠদশ অধিৱেশনৰ অভ্যৰ্থনা সমিতি গঠন

0 100

সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী আঞ্চলিক ওদালগুৰি জিলাৰ টংলা আঞ্চলিক সমিতিৰ ষষ্ঠদশ বাৰ্ষিক অধিৱেশনৰ বাবে অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যে শনিবাৰে মুখ্য কাৰ্যালয় শ্বহীদ ভৱন ,টংলাত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।

টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্য, শিক্ষাবিদ ঘনকান্ত ডেকা,অনাতাঁৰ শিল্পী প্ৰফুল্ল কুমাৰ বৰুৱা ,সাংস্কৃতিক কৰ্মী জ্ঞানেদ্ৰ কুমাৰ চলিহা, ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰী শংকৰ দাসে অধিৱেশনখনি সুচাৰুভাৱে পৰিচালনা কৰিবলৈ এখনি শক্তিশালী অভ্যৰ্থনা সমিতি গঠন, অভিনন্দন অনুষ্ঠান,সাহিত্য সাংস্কৃতিক অনুষ্ঠান, স্মৃতিগ্ৰন্থ , সীমিত বাজেট ইত্যাদি বিভিন্ন দিশ সামৰি ব্যাখ্যা কৰে।

টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিংকু ডেকাই উদ্দেশ্যে ব্যাখ্যা কৰা সভাত বৃহত্তৰ টংলা অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাগুৰু, সাংস্কৃতিক কৰ্মী, জ্যেষ্ঠ নাগৰিক, সাংবাদিক, ছাত্ৰ কৰ্মী উপস্থিত থাকে।

-অৰূপ বড়ো, টংলা

Leave A Reply