Breaking

ডিমাকুছি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ১৭ বছৰ অনূৰ্দ্ধ ছোৱালী ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ

0 1,085

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ তত্বাৱধনাত অসম ফুটবল সন্থাৰ উদ্যোগত। অহা ১৮ জুন ২০২২ ৰ পৰাগুৱাহাটী আৰু ভেৰগাঁ‌ও জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত। ডিমাকুছি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব হেৰো জুনিয়ৰ ১৭ বছৰ অনূৰ্দ্ধ ছোৱালী ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ। হাৰিয়ানা, জম্মু কাশ্মীৰ, তামিলনাডু, ৰাজস্থানকে ধৰি কেইবাখনো ৰাজ্যৰ লগতে অসম দলো অংশ গ্ৰহণ কৰিব উক্ত চেম্পিয়নশ্বীপত। তাৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক ১৭ বছৰ অনূৰ্দ্ধ ছোৱালী ফুটবল দলটোৰ খেলুৱৈ সকলক বাছনিৰ বাবে ভেৰগাঁ‌ও জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত ওদালগুৰি জিলা ডিমাকুছিত বাছনি শিবিৰ আৰম্ভ কৰে।

অসম উদ্যোগিক আন্তঃগাথনি উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰীশান্তনু পূজাৰীয়ে মুকলি কৰা শিবিৰটোৰ মুখ্য প্ৰশিক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ তথা এছিয়ান ফুটবল কন ফেডাৰেচনৰ “চি” অনুজ্ঞাপত্ৰধাৰী প্ৰশিক্ষক লোচন শইকীয়া আৰু সহ প্ৰশিক্ষক হিচাপে ৰয়েল বসুমতাৰীয়ে দায়িত্বত থকা প্ৰশিক্ষণ শিবিৰত অসমৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৮০ গৰাকীতকৈ অধিক ছোৱালী খেলুৱৈয়ে আহি শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰে।

Leave A Reply