Breaking

ভূঞাখাট ক্ৰীড়া সন্থাৰ ২দিনীয়া ভলীবল প্ৰতিয়োগিতাৰ প্ৰথম দিনটোতেই ক্ৰীড়া প্ৰেমীৰ ব্যাপক সমাদৰ

0 85

ওদালগুৰি জিলাৰ ভূঞাখাট ক্ৰীড়া সন্থাৰ উদ্যোগত ভূঞাখাট হাইস্কুল খেলপথাৰত ২দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰাইজমানি ভলীবল প্ৰতিয়োগিতা।


ফ্ৰেব্ৰুৱাৰী মাহত ১৮ আৰু ১৯ তাৰিখে অনুষ্ঠিত হোৱা ভলীবল প্ৰতিয়োগিতাৰ প্ৰথম দিনটোতেই ক্ৰীড়া প্ৰেমী ৰাইজৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈ সকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। “কভিড”কালৰ বাবে প্ৰায় ২ বছৰৰ বিৰতিৰ অন্তত আকৌ আৰম্ভণি কৰা হৈছে ভূঞাখাট ক্ৰীড়া সন্থাৰ খেল সমুহ।

খেল খনৰ প্ৰথম পুৰস্কাৰ ৫০০০ টকা আৰু দ্বিতীয় পুৰস্কাৰ ৩০০০ টকা দিয়া হ’ব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ বিষয়ববীয়া সকলে।

আনফালে ক্ৰীড়া প্ৰেমী ৰাইজ আৰু খেলুৱৈ সকলৰ উৎসাহ উদ্দীপনা দেখিবলৈ পাই আনন্দ অনুভৱ কৰাৰ লগতে সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিছে ভূঞাখাট ক্ৰীড়া সন্থাৰ সভাপতি যদুৰাম বড়ো, সাধাৰণ সম্পাদক পুষ্পৰাম বড়ো, ক্ৰীড়া সম্পাদক দ্বীপেন ডেকা, ভূঞাখাট ভিচিডিচিৰ সভাপতি তথা উদযাপন সমিতিৰ সভাপতি জোংচাৰ নাৰ্জাৰী, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দিম্বেশ্বৰ ডেকাই।

Leave A Reply