Breaking

গুৱাহাটীত এইম ডেঞ্চ একাডেমীৰ বঁটা বিতৰণী অনুষ্ঠানত হিন্দী চলচিত্ৰ জগতৰ প্ৰবীণ অভিনেত্ৰী মন্দাকিনী…

0 46

গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা ভি আই পিস্থিত আগশাৰীৰ নৃত্য প্ৰশিক্ষণ প্ৰতিষ্ঠান এইম আৰ্ট এণ্ড মোশ্যন ডেন্স একাডেমীৰ উদ্যোগত একাডেমী চৌহদত ২৯ এপ্ৰিলত বিয়লি “সন্মান পৰ্ব” শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হৈ যায় । প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থী সকলৰ উপৰিও ৰাজ্যখনত নৃত্য কলা , চিত্ৰ কলা আদি বিভিন্ন ক্ষেত্ৰৰ দুই শতাধিক শিল্পীৰ উদ্যোগত অনুষ্ঠিত ” সন্মান পৰ্ব ” শীৰ্ষক অনুষ্ঠান টোত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে বলিউডৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী মন্দাকিনীয়ে ।

অনুষ্ঠানত নিজ নিজ ক্ষেত্ৰত নিজৰ নাম উজলাবলৈ সক্ষম হোৱা প্ৰতিষ্ঠান খনৰ কেইবাগৰাকী শিক্ষাৰ্থীৰ লগতে ৰাজ্যখনৰ বিশিষ্ট শাস্ত্ৰীয় নৃত্য গুৰু ক্ৰমে বিপুল দাস , প্ৰণতি গোস্বামী , চন্দ্রানি কলিতা মুদিয়াৰ , প্ৰণিতা বৰদলৈ , উপাসনা মহন্ত ৰ লগতে গীতিকাৰ ,কণ্ঠ শিল্পী বিচিত্ৰ কুমাৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিক প্ৰতিষ্ঠানটোৰ হৈ গামোচা , জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জনাই প্ৰবীণ অভিনেত্ৰী মন্দাকিনীয়ে ।

আৰম্ভণিতে অভিনেত্ৰী মন্দাকিনীক গামোচা,জাপি আদিৰে আদৰণি জনায় প্ৰতিষ্ঠানখনৰ পৰিচালন সঞ্চালক ৰাজ পলে । ইপিনে মূখ্য অতিথিৰ ভাষণত অভিনেত্ৰী গৰাকীয়ে অসমৰ ভাষা , সংস্কৃতি অতি চহকী বুলি মত প্ৰকাশ কৰি আজিৰ অনুষ্ঠান টিত উপস্থিত থাকি সাংস্কৃতিক ক্ষেত্ৰৰ লগতে আন কেইবাটও পৰিবেশ্য কলাৰ ব্যক্তি সকলক সম্বৰ্ধনা জনাবলৈ পাই সন্তোষ প্ৰকাশ কৰে ।

Leave A Reply