Breaking

মৰিগাঁও জিলাৰ ধৰমতুলত আজি উদযাপন কৰা হ’ল ঐতিহাসিক শিলচাং তিৱা খলা দেউৰজাৰ উদপুৰ মেলা

0 123

মৰিগাঁও জিলাৰ ধৰমতুলত আজি উদযাপন কৰা হ’ল ঐতিহাসিক শিলচাং তিৱা খলা দেউৰজাৰ উদপুৰ মেলা। সম্পাদন হ’ল পাহাৰ-ভৈয়ামৰ বিনিময় প্ৰথা। পুৱা এই বিনিময় প্ৰথা উদ্বোধনৰ পিচতে ভৈয়ামৰ উৎপাদিত ভোগৰ সামগ্ৰী পিঠা-পনাৰ সৈতে পাহাৰৰ উৎপাদিত কেচা সামগ্ৰী বিনিময় কৰা হয়।

মামা মামী সমন্ধৰে ইজনে সিজনক সম্বোধন কৰি ভৈয়ামৰ লোকে তিলপিঠা , সান্দহ , আদি শুকান জলপান দি ইয়াৰ বিনিময়ত পাহাৰৰ পৰা অহা লোক সকলৰ পৰা পাহাৰত উৎপাদিত আদা, হালধী, জলকীয়া, শাক, ইলাচি, লং , ডালচেনী ,  আদি  সলনি কৰি লয় ।ইয়াৰ পিছতে স্মৃতি তৰ্পন, পতাকা উত্তোলন আদি কাৰ্য সূচীৰ লগতে  উদপুৰ বিলত পৰম্পৰাগত সমূহীয়া মাছ মৰা পৰ্ব অনুষ্ঠিত হয়। 

তিৱা ৰজা আৰু ডা- ডাঙৰীয়া সকলে পৰম্পৰাগত ৰীতি-নীতি মানি ঢাল, তৰোৱাল, আদি লৈ বিলৰ পাৰলৈ আহে । বিলৰ পাৰত ৰজাৰ পাৰিষদে স্বক্ৰীয় নীতি নিয়মেৰে বিলত পূজা দি পানী হিলৈ ফুটোৱাৰ  পিছতে কেইবা হাজাৰ লোকে জাল, পল, জাকৈ লৈ সমূহীয়া মৎস্য চিকাৰত অংশগ্ৰহণ কৰি আনন্দ উপভোগ কৰে। ইপিনে মেলাস্থলীতে অনুষ্ঠিত হয় পৰম্পৰাগত কুঁকুৰা যুঁজ।পথাৰত  কুকুৰাৰ মালিকে ঘূৰনীয়াকৈ বহি কুকুৰাৰ জোৰ মিলাই ভৰিত বিশেষ লোৰ   জোঙা অস্ত্ৰ বান্ধি এৰি দিয়া মতা কুকুৰাই বিশেষ ভংগীত ওপৰলৈ জাপ মাৰি এটাই আনটোক জোঙা অস্ত্ৰৰে  বুকুত আঘাট কৰিবলৈ যি প্ৰদ্ধতিৰে যুঁজ দিয়ে সেয়া চাবলগীয়া ।

এই যুঁজত এটাই আনটোক বুকুত ভৰিত বন্ধা অস্ত্ৰ সুমুৱাই মৃত্যু লৈ থেলি দি মৃত্যু হোৱা কুকুৰাটো লাভ কৰে । তিৱাসকলৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতি উজ্বলি উঠা মেলাস্থলীত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হয়। হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা মেলাস্থলীত খলা দেউৰজাৰ ৰাজদৰবাৰো বহে। আনপিনে ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলাত নিমন্ত্ৰণ নাপালে খলা ৰাজ্যৰ ৰজা প্ৰবিন দেওৰজা মছৰঙে।

একেদৰে প্ৰদান নকৰে ৰাজভাট্টাও। বিগত পাঁচ বছৰৰ পৰাই তিৱা ৰাজদৰবাৰে প্ৰদান কৰা নাই তিৱা পৰম্পৰা অনুসৰি আনুষ্ঠানিকভাৱে খলা ৰাইজে পাতি দিয়া ৰজা প্ৰবিন দেওৰজা মছৰঙক। ২০১৭ চনৰ পৰাই বঞ্চিত ৰাজভাট্টাৰ পৰা । উদপুৰ মেলা বাকৰিত ক্ষোভ প্ৰকাশ স্বয়ং খলা দেওৰজাৰ। ৰাজভাট্টা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰ আৰু তিৱা ৰাজ দৰবাৰৰ ৬০/৪০ ৰ অংক হয় বুলি অভিযোগ আনিছে খলা ৰাজ্যৰ ৰজাই।

Leave A Reply