Breaking

২০২৪ৰ লোকসভা নিৰ্বাচন হ’ব দেশৰ দ্বিতীয়টো দীৰ্ঘতম নিৰ্বাচন…

0 27

২০২৪ৰ লোকসভা নিৰ্বাচন হ’ব দেশৰ দ্বিতীয়টো দীৰ্ঘতম নিৰ্বাচন৷ ১৯৫১ চনত হৈছিল দেশৰ প্ৰথমটো দীৰ্ঘতম লোকসভা নিৰ্বাচন৷ ১৯৫১ৰ ২৫ অক্টোবৰত আৰম্ভ হোৱা নিৰ্বাচন শেষ হৈছিল ১৯৫২ৰ ২১ ফেব্ৰুৱাৰীত৷ এইবাৰ ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া নিৰ্বাচনৰ সামৰণি পৰিব ১ জুনত৷

উল্লেখযোগ্য যে অসমৰ ১৪ টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰথম ৩ টা পৰ্যায়ত অনুষ্ঠিত হ’ব। ১৯ এপ্ৰিল পৰা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৫টা সমষ্টিত অনুষ্ঠিত হ’ব। কাজিৰঙা, শোণিতপুৰ, ডিব্ৰুগড়, লখিমপুৰ আৰু যোৰহাটত অনুষ্ঠিত

হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব দৰং-ওদালগুৰি, ডিফু(ST), কৰিমগঞ্জ, শিলচৰ(SC), নগাওঁত। বৰপেটা, কোকৰাঝাৰ(ST), ধুবুৰী, গুৱাহাটীত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হব ৭মে’ত।

Leave A Reply