Breaking

নেইষ্টত ২৮ সংখ্যক ড° জে.এন. বৰুৱা স্মাৰক বক্তৃতানুষ্ঠানত সম্পন্ন…

0 89


চি এছ আই আৰ-নেইষ্টত ২৮ সংখ্যক ড° জে.এন. বৰুৱা স্মাৰক বক্তৃতানুষ্ঠান ২ ছেপ্টেম্বৰত অনুষ্ঠিত হয়। ড°জে এন বৰুৱা সোঁৱৰণী ন্যাস আৰু অসম বিজ্ঞান সমিতি, যোৰহাট শাখাৰ উদ্যোগত অনুষ্ঠিত বক্তৃতানুষ্ঠানত মূল বক্তৃতা প্ৰদান কৰি লক্ষ্ণৌৰ চি এছ আই আৰ-কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ড° মধু দীক্ষিতে “ক’ভিড-১৯ ব্যৱস্থাপনাত আয়ুৰ্বেদিক ঔষধৰ ভূমিকা: আয়ুষ ঔষধৰ প্ৰাক-নৈদানিক অধ্যয়ন”সম্পৰ্কে কয়। আয়ুৰ্বেদৰ ৫০০০ বছৰতকৈও অধিক পুৰণি ইতিহাস আছে বুলি উল্লেখ কৰি তেওঁ ৮০% ভাৰতীয়ৰ আয়ুৰ্বেদিক ঔষধ আৰু ব্যৱহাৰৰ ওপৰত বিশ্বাস আছে বুলি কয়। আশা কৰা ধৰণে আয়ুৰ্বেদিক ঔষধ ব্যৱস্থাসমূহ আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ নিব পাৰিলে চি এছ আই আৰৰ অৱদানৰ ক্ষেত্ৰত ই এক মাইলৰ খুটি হৈ ৰ’ব। উল্লেখ্য, পৰম্পৰাগত আয়ুৰ্ৱেদিক জ্ঞানক আধুনিক বিজ্ঞানৰ সৈতে সংযোগৰ ক্ষেত্ৰত ড° মধু দীক্ষিতৰ যথেষ্ট অৱদান আছে। বিজ্ঞানীজনৰ বক্তৃতাই যুৱ-বিজ্ঞানী আৰু গৱেষকসকলৰ মাজত উদ্দীপনাৰ সৃষ্টি কৰে । দীক্ষিতে বিজ্ঞানী,গৱেষকসকলৰ আয়ুৰ্বেদিক ঔষধ গৱেষণাৰে জড়িত বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।


আৰম্ভনীতে নেইষ্টৰ সঞ্চালক ড° জি নৰহৰি শাস্ত্ৰীয়ে অভ্যাগতসকলক আদৰণি জনাই আৰু বক্তৃতানুষ্ঠান নেইষ্টত অনুষ্ঠিত কৰাৰ বাবে ড° জে.এন বৰুৱা মেম’ৰিয়েল ট্ৰাষ্ট আৰু অসম বিজ্ঞান সমিতি, যোৰহাট শাখাক ধন্যবাদ জ্ঞাপন কৰে। এক সবল নেতৃত্বৰ দ্বাৰাহে বিজ্ঞান মনস্কতা প্ৰচাৰ আৰু প্ৰসাৰ সম্ভৱ বুলি উল্লেখ কৰি তেওঁ প্ৰয়াত ড° জে.এন বৰুৱাক সমাজৰ এজন মহান পথ প্ৰদৰ্শক বুলি কয়। নেইষ্টৰ প্ৰধান বিজ্ঞানী তথা ড° জে এন বৰুৱা সোঁৱৰণী ষ্ট্ৰাষ্টৰ সচিব ড° লক্ষী শইকীয়াই আঁত ধৰা সভাত সভাপতিত্ব কৰে অসম বিজ্ঞান সমিতিৰ যোৰহাট শাখাৰ সভাপতি ড° ৰমেশ চন্দ্ৰ বৰুৱাই । নেইষ্টৰ প্ৰধান বিজ্ঞানী ড° যতীন কলিতাই ড° জে এন বৰুৱা সোঁৱৰণী ন্যাসৰ বিষয়ে আলোকপাত কৰাৰ লগতে ড° জে.এন. বৰুৱাৰ চমু পৰিচয় আগবঢ়ায়। সভাত ৰাসায়ন বিজ্ঞানৰ দুজন প্ৰতিভাৱান গৱেষক গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° অংকুৰ কে গুহ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° কুসুম কুমাৰ বণিয়ালৈ ৰাসায়নিক বিজ্ঞানত আগবঢ়োৱা অৱদানৰ বাবে ড°জে এন বৰুৱা সোঁৱৰণী বিজ্ঞান বঁটা আগ বঢ়ায়।
সভাত অসম মাধ্যনিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা আর্থিকভাৱে দুৰ্বল দুগৰাকী ছাত্ৰ-ছাত্ৰীক ড° জে এন বৰুৱা সোঁৱৰণী বৃত্তি প্ৰদান কৰা হয়। বৃত্তি লাভ কৰে যোৰহাটৰ মেলেং বৰখেলীয়া গাঁৱৰ সত্যৰঞ্জন শইকীয়া,বন্তি হাজৰিকাৰ কন্যা কুঁৱলী কাশ্যপ আৰু যোৰহাট খঙীয়াৰ জুৰি হাজৰিকা, দীপক হাজৰিকাৰ পুত্ৰ দিবাকৰ হাজৰিকাই । অসম বিজ্ঞান সমিতিৰ যোৰহাট শাখাৰ সম্পাদক ৰমেন গগৈয়ে শেষত শলাগ জনায়।

Leave A Reply