Breaking

চিমেন চাপৰিত চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা ৩৩ সংখ্যক সানজাৰি নৌগৌৰ ৰংজালি বৈসাগু বিদায় ফূৰবুৰ সামৰণি…

0 16

সানজাৰি নৌগৌৰ বৈসাগু ফূৰবু আফাডৰ উদ্যোগত ২ মে’ৰ পৰা চাৰিদিনীয়াকৈ এছ বি বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা ৩৩ সংখ্যক সানজাৰি নৌগৌৰ ৰংজালি বৈসাগু বিদায় ফূৰবুৰ আজি সফল সামৰণি পৰে।অনুষ্ঠানৰ ৩ মে’ৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰে সানজাৰি নৌগৌৰ বৈসাগু ফূৰবু আফাডৰ সভাপতি সুকুৰাম ব্ৰহ্মই।বিয়লি ২ বজাত বৈসাগু প্ৰতিযোগিতাৰ উদ্ধোধন কৰে বড়ো বোলছবিৰ অভিনেতা প্ৰবীণ বড়োয়ে।অনুষ্ঠানত চেমনীয়া বৈসাগু নৃত্য, যুৱক-যুৱতী বৈসাগু ডেমসি নৃত্য, একক বৈসাগু গীত, চেমনীয়া বৈসাগু ডেমসি নৃত্য, চিফুং (বাঁহী), বাদন,বৈসাগু খুংগ্ৰী,বৈসাগু খুংগুৰ,ছেৰজা বাদন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব। ৪ মে’ৰ বিয়লি ২ বজাৰ পৰা আৰম্ভ হয় যুৱক-যুৱতী হানজা নৃত্য, দলগত বৈসাগু গীত, গাভৰু দলগত বৈসাগু নৃত্য,বৈসাগু ৰাজা,বৈসাগু ৰাণী, বোৱাৰী ডেমসি নৃত্য প্ৰতিযোগিতা।

অন্তিম তথা ৫ মে’ৰ বিয়লি ৩ বজাৰ পৰা সুকুৰাম ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্ধোধন কৰে সানজাৰি নৌগৌৰ বৈসাগু ফূৰবু আফাডৰ উপদেষ্টা ললিত চন্দ্ৰ বড়োয়ে।মুকলি সভাত মুখ্য অতিথি হিচাপে ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে ৰঙালী বিহু হৈছে অসমীয়া সংস্কৃতিৰ ধাৰকবাহক।বিহুক বাদ দি অসমৰ খিলঞ্জীয়া ৰাইজৰ সংস্কৃতি আধাৰুৱা হৈ থাকিব।বিহুক প্ৰতিটো জাতি-জনগোষ্ঠীয়ে বেলেগ বেলেগ ভাষাৰে নামাকৰণ কৰিছে যদিও ইয়াৰ গুৰুত্ব আৰু অন্তঃনিহিত চিন্তা একে। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ বিনোদ চন্দ্ৰ বড়াই কয় বিহুৰ জৰিয়তে আমাৰ মাজত সমন্বয়ৰ ভেটি সুদৃঢ় কৰে বুলি উল্লেখ কৰি অসমৰ সাতামপুৰুষীয়া এনাজৰী শক্তিশালী ৰূপত গঢ়ি তোলাৰ ক্ষেত্ৰত বিহুয়ে যোগে যোগে অৰিহণা যোগাই আহিছে। সভাত বিশিষ্ট অতিথি হিচাপে বিকেডব্লিউএচিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰী,ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি সঞ্জীৱ দাসেও সাৰুৱা ভাষন আগবঢ়ায়।

সভাত আমন্ত্ৰিত অতিথি হিচাপে জহৌলাও নীলেশ্বৰ ব্ৰহ্ম আৰু সানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম বঁটা প্ৰাপক বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম,শিক্ষক সোণেশ্বৰ বসুমতাৰী,এমএচিৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী, ইউবিপিঅৰ উপাধ্যক্ষ জোনাৰাম ব্ৰহ্ম,সাংগঠনিক সম্পাদিকা প্ৰাণজিতা বড়ো,ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী,বিটিএডিৰ বাহিৰৰ প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সাধাৰণ সম্পাদক বিষ্টিৰাম নাৰ্জাৰী,এবছুৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা লখেন বসুমতাৰী,,

আবৌফৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদিকা কল্পনা স্বৰ্গীয়াৰী,উপদেষ্টা সোভাৰাণী বসুমতাৰী,অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী, বিটিএডিৰ বাহিৰৰ আত্মসমৰ্পণকাৰী এনডিএফবি কল্যাণ পৰিষদৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰী,এমএচিৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী, কেবাগৰাকী সমাজকৰ্মী,প্ৰতিষ্ঠিত ব্যৱসায়ী উপস্থিত থাকে।সন্ধিয়া ৮ বজাত গোপাল স্বৰ্গীয়াৰী সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰে ইউবিপিঅৰ উপদেষ্টা শুক্ৰেশ্বৰ গয়াৰীয়ে।অনুষ্ঠানত কন্ঠশিল্পী ফুংবিলী বসুমতাৰী আৰু ৰিংখাং ব্ৰহ্মই গীত পৰিৱেশন কৰি সাংস্কৃতিকপ্ৰেমী ৰাইজক আপ্লুত কৰি তোলে।

Leave A Reply