Breaking

মহাপুৰুষীয়া সত্ৰ সমাজৰ ৩৭ সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ সামৰণি…

0 42

মহাপুৰুষীয়া সত্ৰ সমাজৰ ৩৭ সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ সামৰণি

  • ভক্তিৰ অশ্ৰুৰে ডুবিয়াবাসীয়ে বিদায় জনালে শ শ ভকত-বৈষ্ণৱ-আইমাতৃক
  • নিজম পৰিল গহপুৰৰ মুক্তিযোদ্ধা মাধৰাম প্ৰভু ক্ষেত্ৰ

নিজম পৰিল মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ ৩৭ সংখ্যক পূৰ্ণাংগ অধিৱেশন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৱা ৯ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা মহাপুৰুষীয়া সত্ৰ সমাজৰ আজি ধৰ্মালোচনী সভাই অধিৱেশনখনি জীপাল কৰি তোলে। সত্ৰ সমাজৰ সভাপতি দেৱানন্দ দেৱ গোস্বামীৰ সভাপতিত্বত দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হয় ধৰ্মালোচনী আৰু মূল সভাখনি। আদৰণী সমিতিৰ সভাপতি হেমন্ত বিজয় দত্তই আদৰণী ভাষণ আগবঢ়োৱা মূল সভাখনি প্ৰধান সম্পাদক জীৱন চন্দ্ৰ বৰাই আঁত ধৰে।নাৰায়ণপুৰ বৰপথাৰৰ ভূপেন বৰদলৈয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে পশ্চিম বংগৰ শ্ৰীমধুপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ মাধৱ দেৱ মহন্তই অংশগ্ৰহণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ গুণানুকীৰ্তন কৰে। মহাপুৰুষ দুজনাৰ ধৰ্মীয় আদৰ্শই অসমখনিক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

সভাত বিশিষ্ট অতিথি হিচাপে গহপুুুৰৰ বিশিষ্ট সমাজকৰ্মী উদয় আদিত্য গোস্বামী, শিশু বক্তা হিচাপে বৰঙাবাৰীৰ তন্ময় মহন্তই অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়। উল্লেখ্য যে ধৰ্মালোচনী আৰু মূল সভাত মহাপুৰুষীয়া সত্ৰ সমাজৰ ভালেসংখ্যক বিষয়ববীয়াৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত-বৈষ্ণৱ আই-মাতৃ, ২৫ খন জিলাৰ প্ৰতিনিধিৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। শলাগৰ শৰাই আগবঢ়াই আদৰণী সমিতিৰ প্ৰধান সম্পাদক গোবিন্দ বৰুৱাই। তেওঁ অশ্ৰুসিক্ত নয়নেৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পূৰ্ণাংগ অধিৱেশনত অংশগ্ৰহণ কৰা প্ৰতিনিধি বৰ্গৰ লগতে ভক্ত-প্ৰাণ ৰাইজক নতশিৰে সেৱা ধৰে। বিশেষকৈ সত্ৰ সমাজৰ সভাপতি দেৱানন্দ দেৱ গোস্বামী প্ৰভুৰ লগতে উপ-সভাপতি, প্ৰধান সম্পাদক প্ৰমুখ্যে সকলো বিষয়ববীয়াৰ সহযোগ ভক্তি ভাবেৰে শলাগ লয়। সভাপতিৰ মন্তব্যত দেৱগোস্বামীয়ে ভকতিৰ মহিমা সম্পৰ্কে তত্ত্বগধুৰ বক্তব্য ৰাখে। তেওঁ কয় এনেদৰেই ভক্তি হয়।

আত্মিক সম্পৰ্ক গঢ় লয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। মূল সভাৰ পূৰ্বে পুৱা নামঘৰত শৰাই প্ৰতিষ্ঠা কৰে ভকত বিপুল তাচাই। পুৱা ১০ বজাত আধ্যাত্মিক ভক্তিৰসৰ মাজৰে ভাগৱত ভ্ৰমণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। শতাধিক ভক্ত-প্ৰাণ ৰাইজে অংশগ্ৰহণ কৰা এই কাৰ্যসূচী উদ্বোধন কৰে অসম বৈদিক বৈষ্ণৱ মহাসভাৰ প্ৰধান সম্পাদক খগেন গগৈয়ে। ইফালে সন্ধিয়ালৈ বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ হয়। ইফালে কালি সন্ধিয়া ৭ বজাত ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰু বিষয় বাচনি সভাখনি দ-ডুবিয়া নামঘৰত অনুষ্ঠিত হয়। বিষয় বাচনি সভাখনিত ২০২৪-২৫ বৰ্ষৰ নতুন কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয়। সভাপতি হিচাপে দেৱানন্দ দেৱ গোস্বামী, কাৰ্যকৰী সভাপতি হিচাপে মনহৰি ৰাজবংশী, উপ-সভাপতি হিচাপে প্ৰদীপ মহন্ত, বলীন গগৈ, গোৰী হালৈ, চুৰেন শইকীয়াক নিৰ্বাচিত কৰাৰ লগতে প্ৰধান সম্পাদক হিচাপে জীৱন চন্দ্ৰ বৰা, সহকাৰী সম্পাদক হিচাপে দুলেন বৰা, ভূৱনেশ্বৰ ডেকা, সুকুমাৰ গগৈ আৰু মণ্টু শইকীয়াক নিৰ্বাচিত কৰা হয়। প্ৰচাৰ সম্পাদক হিচাপে বিমান বৰাক সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰা হয়।

Leave A Reply